অসম

assam

ETV Bharat / bharat

যদি এংলো-ইণ্ডিয়ানসকলৰ আসনসমূহ কৰ্তন কৰা হয়, তেন্তে তেওঁলোকক প্ৰতিনিধিত্ব কোনে কৰিবঃ ৰাজনৈতিক বিশ্লেষক - 'If Anglo-Indians seats will be scrapped, who will represent them' :Political Analyst

কেন্দ্ৰীয় কেবিনেটে এংলো-ইণ্ডিয়ানসকলৰ বাবে সংৰক্ষিত থকা 2 খন লোকসভাৰ আসন কৰ্তন কৰাৰ বাবে অনুমোদন জনাইছে ৷ এই সন্দৰ্ভত ৰাজনৈতিক বিশ্লেষক জয়নাব ছিকাণ্ডাৰে চৰকাৰে গ্ৰহণ কৰা এই নীতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

'If Anglo-Indians seats will be scrapped, who will represent them' :Political Analyst
যদি এংলো-ইণ্ডিয়ানসকলৰ আসনসমূহ কৰ্তন কৰা হয়, তেন্তে তেওঁলোকক প্ৰতিনিধিত্ব কোনে কৰিবঃ ৰাজনৈতিক বিশ্লেষক

By

Published : Dec 8, 2019, 12:46 AM IST

নতুন দিল্লী,7 ডিচেম্বৰঃ কেন্দ্ৰীয় কেবিনেটে এংলো-ইণ্ডিয়ানসকলৰ বাবে সংৰক্ষিত থকা 2 খন লোকসভাৰ আসন কৰ্তন কৰাৰ বাবে অনুমোদন জনাইছে ৷ এই সন্দৰ্ভত ৰাজনৈতিক বিশ্লেষক জয়নাব ছিকাণ্ডাৰে চৰকাৰে গ্ৰহণ কৰা এই নীতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশ্লেষকগৰাকীয়ে কয়, "যিহেতু এংলো-ইণ্ডিয়ানসকলৰ পৰা কোনোবাই কাচিৎহে লোকসভাক প্ৰতিনিধিত্ব কৰে ৷ মই ভাবোঁ তেওঁলোকও ভাৰতৰ অংগ আৰু ইয়াৰ বুৰঞ্জীৰ অংশীদাৰ ৷ সংসদৰ পৰা সেইসকলক বাহিৰ কৰি দিলে তেওঁলোকক কোনো প্ৰতিনিধিত্ব কৰিব ৷"

উল্লেখ্য যে মোডী চৰকাৰে তেওঁলোকৰ প্ৰথমটো কাৰ্যকালত এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা 2 জনকৈ সাংসদক মনোনীত কৰিছিল ৷ কিন্তু দ্বিতীয় কাৰ্যকালৰ বাবে এজনো লোকক মনোনীত কৰা নহ'ল ৷ তাৰেই পৰিপ্ৰেক্ষিতত সম্প্ৰদায়টোৰ বাবে থকা সংৰক্ষণৰ ব্যৱস্থাক অনিৰ্দিষ্টকাললৈ প্ৰত্যাহাৰ কৰা হয় ৷

যদি এংলো-ইণ্ডিয়ানসকলৰ আসনসমূহ কৰ্তন কৰা হয়, তেন্তে তেওঁলোকক প্ৰতিনিধিত্ব কোনে কৰিবঃ ৰাজনৈতিক বিশ্লেষক

এক পেনেল প্ৰস্তুতৰ যোগেদি চৰকাৰ এই সিদ্ধান্তত উপনীত হয় যে সম্প্ৰদায়টোক সাম্প্ৰতিক সংৰক্ষণৰ নিষ্প্ৰয়োজন ৷ এই পেনেলৰ সদস্যসকল আছিল ক্ৰমে- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সামাজিক ন্যায় মন্ত্ৰী থাৱাৰ চান্দ গেহলট ৷

এংলো-ইণ্ডিয়ানসকলৰ বাবে থকা প্ৰতিনিধিত্বৰ অধিকাৰ প্ৰথমে লাভ কৰিছিল ফ্ৰেংক এণ্টনী ৷ তেখেতে প্ৰধানমন্ত্ৰী নেহৰুৰ দিনত অল ইণ্ডিয়া এংলো-ইণ্ডিয়ান কমিউনিটিৰ সভাপতি আছিল ৷ সংবিধান বলবৎ হোৱাৰ সময়ৰ পৰা এই নিয়ম প্ৰযোজ্য আছিল ৷ তেতিয়াৰে পৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুজন এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ লোকক নিৰ্বাচিত কৰাৰ নিয়ম প্ৰচলিত আছিল ৷


কেন্দ্ৰীয় আইন আৰু সামাজিক ন্যায় মন্ত্ৰালয় অনুসৰি সংবিধানৰ অনুচ্ছেদ 334 ত অনুসূচীত জাতি,জনজাতি আৰু এংলো-ইণ্ডিয়ানৰ বাবে নিম্ন সদন আৰু ৰাজ্যৰ বিধানমণ্ডলসমূহত আসন সংৰক্ষণ ব্যৱস্থাৰ কথা উল্লেখ আছে ৷

আৰু পঢ়ককেব সন্দৰ্ভত আছুৰ প্ৰতিবাদ চৰকাৰৰ বাবে মূল প্ৰত্যাহ্বানঃ হান্নান মুল্লা

ABOUT THE AUTHOR

...view details