অসম

assam

By

Published : Jan 4, 2021, 4:56 PM IST

Updated : Jan 4, 2021, 5:01 PM IST

ETV Bharat / bharat

ৰ'বাৰ্ট ভাদ্ৰাৰ সৈতে আয়কৰ বিভাগৰ তদন্ত

আয়কৰ বিভাগ কৰ্তৃপক্ষই সোমবাৰে এক অভিযোগৰ ভিত্তিত বেনামী সম্পত্তি ৰখাৰ অভিযোগত ৰ'বাৰ্ট ভাদ্ৰাৰ বাসগৃহত তালাচী চলায় ৷ ভাদ্ৰা কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোৱায়েক ৷ তেওঁ ছোনিয়া গান্ধীৰ কন্যা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৷

ৰ'বাৰ্ট ভাদ্ৰাৰ সৈতে আয়কৰ বিভাগৰ তদন্ত
ৰ'বাৰ্ট ভাদ্ৰাৰ সৈতে আয়কৰ বিভাগৰ তদন্ত

নেশ্যনেল ডেস্ক, 4 জানুৱাৰী: সোমবাৰে আয়কৰ বিভাগ কৰ্তৃপক্ষই কোনো তথ্যৰ ভিত্তিত বেনামী সম্পত্তি ৰখাৰ অভিযোগত ৰ'বাৰ্ট ভাদ্ৰাৰ বাসগৃহত তদন্ত চলায় ৷ তদন্ত সন্দৰ্ভত আয়কৰ বিভাগৰ এটা সুত্ৰই সদৰী কৰিছে যে,'আয়কৰ বিভাগৰ দলটোৱে বেনামী সম্পত্তি সংক্ৰান্তীয় সোধ-পোছৰ বাবে ভাদ্ৰাৰ বাসভৱনলৈ গৈছে ৷'

ভাদ্ৰা কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোৱায়েক ৷ তেওঁ ছোনিয়া গান্ধীৰ কন্যা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৷ ক'ভিড মহামাৰীজনিত কাৰণত তেওঁ তদন্তত যোগদান কৰিব পৰা নাছিল ৷

আয়কৰ বিভাগৰ ওপৰিও ভাদ্ৰাৰ সৈতে এনফ'ৰ্চমেণ্ট বিভাগৰ দ্বাৰা Money Laundering ধাৰাৰ অধীনত লণ্ডনস্থিত সম্পত্তি ক্ৰয়ৰ বাবে Money Laundering ৰ অভিযোগত তদন্ত অব্যাহত আছে ৷ যি সম্পত্তিৰ মূল্য আছিল 1.9 মিলিয়ন পাউণ্ড ৷

অভিযোগ অনুসৰি,উক্ত সম্পত্তি তেওঁৰ মালিকাধীন অৱস্থাত আছে ৷ সম্প্ৰতি তেওঁ অগ্ৰিম জামিনত আছে ৷

লগতে পঢ়ক:ন্যায়াধীশ পংকজ মিথালক জম্মু,কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

Last Updated : Jan 4, 2021, 5:01 PM IST

ABOUT THE AUTHOR

...view details