অসম

assam

ETV Bharat / bharat

মমতাৰ পদত্যাগৰ প্ৰস্তাৱ অগ্ৰাহ্য দলীয় নেতৃত্বৰ - কলকাতা

"বিজেপিয়ে বিষবাস্প বিয়পাই নিৰ্বাচনত জয়লাভ কৰিছে ৷ নিৰ্বাচনৰ সময়ত বিজেপিয়ে ইমানেই ধন ব্যয় কৰিছে যে যিকোনো কেলেংকাৰীৰে ইয়াৰ তুলনা কৰিব নোৱাৰি ৷" নিৰ্বাচন আয়োগে শাসকীয় দলৰ হৈ কাম কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷

MAMTA BENEJEE

By

Published : May 25, 2019, 6:54 PM IST

মুখ্যমন্ত্ৰী মমতাৰ পদত্যাগৰ প্ৰস্তাৱ অগ্ৰাহ্য দলীয় নেতৃত্বৰ

কলকাতা , 25 মে' : সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিৰ উত্থান আৰু তৃণমূল কংগ্ৰেছৰ অধোগমনৰ পৰিণতিত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বিচাৰিলে মমতা বেনাৰ্জীয়ে ৷

শনিবাৰে নিৰ্বাচনী ফলাফলৰ পাচত আয়োজিত এক দলীয় বৈঠকত অংশগ্ৰহণ কৰি ক্ষোভিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰে অৱশ্যে দলৰ নেতৃবৃন্দই মমতা বেনাৰ্জীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ৷ মন কৰিব লগীয়া যে ,পশ্চিম বংগত সদ্য ঘোষিত লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে কেৱল 18 খন আসন দখল কৰিবলৈ সক্ষম হয় ৷

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মমতা বেনাৰ্জীয়ে কয় যে, বিজেপিয়ে দেশত বিষবাস্প বিয়পাই দিছে ৷ আনহাতে শেহতীয়া নিৰ্বাচনত ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ পক্ষত চাৰি শতাংশ ভোট বৃদ্ধি পায় বুলিও মমতাই দাবী কৰে ৷ মমতা বেনাৰ্জীৰ উক্তি-"বিজেপিয়ে বিষবাস্প বিয়পাই নিৰ্বাচনত জয়লাভ কৰিছে ৷" নিৰ্বাচন আয়োগে শাসকীয় দলৰ হৈ কাম কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ লগতে নিৰ্বাচনৰ সময়ত বিজেপিয়ে ইমানেই ধন ব্যয় কৰিছে যে যিকোনো কেলেংকাৰীৰে ইয়াৰ তুলনা কৰিব নোৱাৰি বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details