নেশ্যনেল ডেস্ক, 2 ডিচেম্বৰ : হায়দৰাবাদৰ পশু চিকিৎসকৰ ধৰ্ষণ তথা হত্যাৰ বিষয় উত্থাপন হ'ল সংসদত ৷ সোমবাৰে সংসদৰ দুয়োখন সদনতে এই বিষয়টো উত্থাপন কৰা হয় ৷ লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই এই বিষয়টোত আলোচনা কৰিবৰ বাবে অনুমতি প্ৰদান কৰে ৷ আনহাতে,ৰাজ্যসভাৰ বিভিন্ন ৰাজনৈতিক দলৰ সদস্যই সমগ্ৰ ঘটনাক জঘন্য কাণ্ড বুলি অভিহিত কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
সংসদত উত্থাপন হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড
হায়দৰাবাদৰ পশু চিকিৎসকৰ ধৰ্ষণ তথা হত্যাৰ বিষয়টো সংসদত উত্থাপন কৰা হয় ৷ সমগ্ৰ ঘটনাক জঘন্য কাণ্ড বুলি অভিহিত কৰে দলসমূহে ৷
সংসদত উত্থাপন হাইদৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড
উল্লেখ্য যে, তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ ছাদনগৰত অগ্নিদগ্ধ অৱস্থাত পশু চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷
Last Updated : Dec 2, 2019, 3:38 PM IST