অসম

assam

হায়দৰাবাদ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

By

Published : Nov 30, 2019, 8:02 PM IST

দেশ কঁপাই যোৱা এগৰাকী 27 বছৰীয়া যুৱতী পশু চিকিৎসকৰ ধৰ্ষণ কৰি হত্যা কৰা অভিযুক্ত কেইজনক তেলেংগানাৰ ছাদনগৰৰ এজন দণ্ডাধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

Hyderabad
হায়দৰাবাদ

নিউজ ডেস্ক, 30 নৱেম্বৰঃ হায়দৰাবাদৰ পশু চিকিৎসক এগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা চাৰি অভিযুক্তক শুকুৰবাৰে 14 দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ তেলেংগানাৰ ছাদনগৰৰ এজন দণ্ডাধীশে চাৰি অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ন্যায়াধীশৰ অনুপস্থিতি আৰু আৰক্ষী চকীৰ বাহিৰত হৈ থকা উত্তেজনাময় পৰিস্থিতিৰ বাবে অভিযুক্ত কেইজনক মেহবুবনগৰৰ ফাষ্ট-ট্ৰেক আদালতত হাজিৰ কৰিব পৰা হোৱা নাছিল ৷ যাৰ বাবে মণ্ডল কাৰ্যবাহী দণ্ডাধীশজনে ছাদনগৰ আৰক্ষী চকীলৈ এই নিৰ্দেশ জাৰি কৰে ৷ আৰু ইয়াৰ পাচতে অভিযুক্ত মহম্মদ আৰিফ,চিন্তাকুন্তা চেন্নাকেছাভুলু,জল্লো শিৱা আৰু জল্লো নবিনক মেহবুবনগৰ জেললৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে বৃহস্পতিবাৰে শ্বামছাবাদৰ টলপ্লাজাৰ ওচৰত পশু চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নৃশংস ভাৱে হত্যা কৰি জ্বলাই দিছিল এই চাৰি অভিযুক্তই ৷ আৰু সমগ্ৰ ঘটনাৰ চিচি টিভিৰ দৃশ্য সংগ্ৰহ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়কঃহিমন্ত বিশ্বৰ সৎ সাহস নাই বাবে আলোচনাত KMSSক নামাতিলে: অখিল গগৈ

ABOUT THE AUTHOR

...view details