অসম

assam

হায়দৰাবাদ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

By

Published : Mar 2, 2019, 7:02 PM IST

পূৰ্বেও ৯টাকৈ গোচৰত অভিযুক্ত আছিল ধৃত শ্বেইক ইছমাইল ।

হায়দৰাবাদ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত




নিউজ ডেস্ক, ২ মাৰ্চঃ হায়দৰাবাদ আৰক্ষীৰ জালত পৰিছে এগৰাকী দুৰ্ধৰ্ষ ডকাইত । চহৰখনৰ এক সোণ-ৰূপৰ ডকাইতিৰ ঘটনাৰ সৈতে জড়িত আছিল আটকাধীন ডকাইতটো ।

আৰক্ষী আয়ুক্ত অঞ্জানী কুমাৰে প্ৰকাশ কৰা অনুসৰি ১৩টাকৈ বিভিন্ন ডকাইতিৰ ঘটনাৰ সৈতে জড়িত থকা শ্বেইক ইছমাইল নামৰ ব্যক্তিগৰাকীক আটক কৰিবলৈ সক্ষম হয় হায়দৰাবাদ আৰক্ষীয়ে । আটকাধীন শ্বেইক ইছমাইলৰ পৰা আৰক্ষীয়ে ৫০ গ্ৰাম চুৰি সোণ আৰু ৫০০ গ্ৰাম চুৰি ৰূপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, শ্বেইক ইছমাইল ইয়াৰ পূৰ্বেও ৯টাকৈ গোচৰত অভিযুক্ত আছিল আৰু পূৰ্বেও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ।

হায়দৰাবাদ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত
আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি আটকাধীন লোকজনে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ফুচুলাই সোণ-ৰূপ চুৰি কৰি আহিছিল । প্ৰথমে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰি পৰৱৰ্তী সময়ত শিক্ষাৰ্থীসকলক বিভিন্ন প্ৰকল্প বনোৱাৰ নামত ঘৰৰ পৰা সোণ-ৰূপ লৈ আনিবলৈ কয় আৰু সেয়া লৈ উধাও হয় । এইদৰে এঠাইৰ পৰা আনঠাইত চুৰি কাণ্ড সংঘটিত কৰি আহিছিল আটকাধীন শ্বেইক ইছমাইলে ।

ABOUT THE AUTHOR

...view details