অসম

assam

ETV Bharat / bharat

তামিলনাডুত নৰ বলিৰ ঘটনাঃ গ্ৰেপ্তাৰ দুই মহিলা তান্ত্ৰিক

ধনী হোৱাৰ লালসাত 13 বছৰীয়া নিজ কন্যাক বলি দিছিল পিতৃয়ে । এই ঘটনাৰ বাবে আৰক্ষীয়ে বলি দিবলৈ কোৱা মহিলা তান্ত্ৰিক গৰাকীৰ লগতে তান্ত্ৰিক গৰকীৰ সহায়িকাক গ্ৰেপ্তাৰ কৰে ।

তামিলনাডুত নৰবলিৰ ঘটনা
তামিলনাডুত নৰবলিৰ ঘটনা

By

Published : Jun 4, 2020, 4:45 PM IST

নিউজ ডেস্ক, 4 জুনঃ ধনীৰ হোৱাৰ ইচ্ছা সকলোৰে আছে । কিন্তু কিছু লোকৰ ধনী হোৱাৰ হেপাহ ইমানেই অধিক যে,তেওঁলোকে ধনী হোৱাৰ বাবে সকলো সীমাই অতিক্ৰম কৰিব পাৰে । গাৰ নোম শিয়ৰি যোৱা তেনে এক ঘটনা সংঘটিত হৈছিল তামিলনাডুত । ধনী হোৱাৰ লালসাত 55 বছৰীয়া এজন ব্যক্তি কাষ চাপিছিল তান্ত্ৰিকৰ। তান্ত্ৰিক গৰাকীয়ে তেওঁক নৰ বলি দিবলৈ কৈছিল। সেই অনুসৰিয়েই ব্যক্তি জনে বলি দিছিল নিজৰ 13 বছৰীয়া কন্যা সন্তানক। 1 জুনত সংঘটিত ঘটনাৰ পাচত মঙলবাৰে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে ।

তেওঁৰ ব্যক্তব্যৰ ভিত্তিতেই আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে নৰ বলিৰ বাবে উচতনি দিয়া দুগৰাকী মহিলাক । এগৰাকী তান্ত্ৰিক আৰু আনগৰাকী হৈছে তান্ত্ৰিক গৰাকীৰ সহায়িকা ।

আৰক্ষীয়ে অৱগত কৰা অনুসৰি,কিশোৰী গৰাকীৰ পিতৃ গৰাকীয়ে তেওঁৰ কন্যাক কোনো লোকে যৌন নিৰ্যাতন চলাই হত্যা কৰা বুলি প্ৰথমে দাবী কৰিছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ তদন্তত তেওঁৱেই এই কাণ্ড কৰে বুলি স্বীকাৰোক্তি দিয়ে ।

লগতে চাওকঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

ABOUT THE AUTHOR

...view details