অসম

assam

ETV Bharat / bharat

হিমাচল প্ৰদেশঃ 800 পথ বন্ধ হোৱাৰ পিচতেই সুমথিৰা সাৱধানবানী বতৰ বিজ্ঞান বিভাগৰ - হিমাচল প্ৰদেশত সুমথিৰা সাৱধানবানী

হিমাচল প্ৰদেশত চলিত সপ্তাহত হোৱা প্ৰৱল তুষাৰপাতৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্যখনৰ 800ৰো অধিক পথ ৷ যাৰ বাবে ইতিমধ্যে স্থানীয় বতৰ বিজ্ঞান বিভাগে 13ৰ পৰা 16 জানুৱাৰীলৈ ঘোষণা কৰিছে সুমথিৰা (Orange Alert) সাৱধানবানী ৷

HP: Over 800 snowbound roads remain blocked, MeT issues fresh orange warning
হিমাচল প্ৰদেশত সুমথিৰা সাৱধানবানী

By

Published : Jan 11, 2020, 7:47 PM IST

নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ হিমাচল প্ৰদেশত বিগত এসপ্তাহ ধৰি হোৱা প্ৰৱল তুষাৰপাতৰ বাবে ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত জাৰি কৰিছে সুমথিৰা (Orange Alert) সাৱধানবানী ৷ ইতিমধ্যে ৰাজ্যখনৰ 800ৰো অধিক পথ বৰফেৰে ঢাক খাই পৰিছে আৰু সাধাৰণ তাপমাত্ৰা সৰ্বনিম্ন 0.5 ডিগ্ৰীৰ পৰা সৰ্বাধিক 5.5 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আছে ৷ যাৰ বাবেই বতৰ বিজ্ঞান বিভাগে 13 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈ ৰাজ্যখনত সুমথিৰা সাৱধানবানী জাৰি কৰিছে বুলি জনাইছে, বিভাগটোৰ নিৰ্দেশক মনমোহন সিঙে ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ প্ৰয়োগ হ্ৰাস কৰিবলৈ 'বাচন বেংক' স্থাপন মধ্য প্ৰদেশৰ বেতুল গাঁৱত

ইতিমধ্যে ৰাজ্যখনত তুষাৰপাতৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে উদ্ধাৰকাৰ্যত ব্যৱহাৰ কৰা হৈছে 381খন আৰ্থমুভাৰছ, 16খন বুলডজাৰছ আৰু 43খন টিপ্পাৰছ ৷ হিমাচলৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃত্বই প্ৰকাশ কৰিছে এই তথ্য ৷

ABOUT THE AUTHOR

...view details