অসম

assam

ETV Bharat / bharat

গান্ধীজী কেনেকৈ দেশৰ পিতা হৈছিল ? - etv bharat assam

সত্যাগ্ৰহ আন্দোলনত মহিলাক অংশগ্ৰহণ কৰোৱাত মুখ্য ভূমিকা লোৱা গান্ধীজীয়ে মহিলাৰ মন জয় কৰি ৰাষ্ট্ৰীয়তাবাদ বিয়পাবলৈ সক্ষম হৈছিল ৷ ঐতিহাসিক সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল লাখ লাখ মহিলাই ৷ এই আন্দোলনৰ মূল উদ্দেশ্য আছিল বিদেশী বস্ত্ৰ বহিস্কাৰ আৰু অসহযোগ আন্দোলন ৷

গান্ধীজী কেনেকৈ দেশৰ পিতা হৈছিল?

By

Published : Aug 16, 2019, 1:29 PM IST

  • মহাত্মা গান্ধীক 'জাতিৰ পিতা' বুলি প্ৰথমবাৰৰ বাবে অভিহিত কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুয়ে ৷ ইয়াৰ পাছত স্বতন্ত্ৰ ভাৰতৰ সংসদে আনুষ্ঠানিকভাৱে তেওঁক 'জাতিৰ পিতা' বুলি ঘোষণা কৰিছিল ৷ সাধাৰণতে,এখন স্বতন্ত্ৰ দেশৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিকহে এনে ধৰণৰ সন্মানেৰে বিভূষিত কৰা হয়,কিন্তু গান্ধী এনে কোনো বিষয়বাবত কাৰ্যনিৰ্বাহ নকৰাৰ পাছতো তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল ৷
  • সুভাষ চন্দ্ৰ বসুয়ে গান্ধীজীক এই সন্মান প্ৰদান কৰাৰ মূল কাৰণ আছিল বসুয়ে ভাৰতবৰ্ষৰ নিৰ্মাণকৰ্তাৰ ৰূপত গান্ধীজীক লক্ষ্য কৰিছিল ৷ ভৌগলিক আৰু ৰাজনৈতিক সীমাৰ আধাৰত এখন ৰাষ্ট্ৰই গঢ় লয় ৷ ৰাষ্ট্ৰ এখন ইয়াৰ ইতিহাসেৰে গঢ় নলয়,গঢ় লয় আবেগিক বান্ধোনেৰে ৷ কিছুমান ৰাষ্ট্ৰ আকৌ গঢ় লয় একে ভাষা আৰু একে ধৰ্মৰ ফলত সৃষ্টি হোৱা আবেগিক সম্বন্ধেৰে ৷ একে ভাষাৰ দ্বাৰা গঢ় লোৱা আবেগিক বান্ধোনৰ ফলত গঢ় লৈ উঠিছিল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ৷ আনহাতে,একে ধৰ্মৰ আবেগেৰে সৃষ্টি হৈছিল পাকিস্তান ৷ কিন্তু,ভাৰত ইয়াৰ পৰিপন্থী ৷ ভাৰতবৰ্ষত বিভিন্ন ভাষা আৰু ধৰ্মৰ লোকে বসবাস কৰে ৷ আৱেগিক সম্বন্ধৰ পৰিপেক্ষিতত ভাৰতে ৰাষ্ট্ৰবাদ নামৰ অনুভূতিৰ জন্ম দিছিল ৷ ইয়াৰ একমাত্ৰ কাৰণ আছিল ব্ৰিটিছ শাসনৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশে একেলগে কাম কৰিছিল ৷ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা গান্ধীজীয়েই প্ৰথমজন নেতা নাছিল,তেওঁৰ উপৰি বহুকেইজন লোকে স্বাধীনতাৰ বাবে যুঁজত নামি পৰিছিল ৷ সেইফালৰ পৰা লক্ষ্য কৰিলে কিয় গান্ধীজীকহে দেশৰ পিতা বুলি অভিহিত কৰা হৈছিল ? ইয়াৰ আঁৰত আছে বহু কাহিনী ৷
  • গান্ধীজী এনে এজন ব্যক্তি আছিল যিজনে ভাৰতৰ দৰে বৃহৎ ৰাষ্ট্ৰ এখনৰ মানুহৰ মাজত আবেগিক সম্পৰ্ক দৃঢ় কৰাৰ লগতে ৰাষ্ট্ৰবাদৰ প্ৰচাৰ কৰিছিল ৷ তেওঁ সাধাৰণ জনগণৰ সৈতে এক সুদৃঢ় আবেগিক সম্পৰ্ক গঢ়ি তোলাত সফল হৈছিল ৷ আহমেদাবাদৰ এখন আদালতে গান্ধীজীক তেওঁৰ নাম,ঠিকনা আৰু বৃত্তিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ নিজকে এজন খেতিয়ক আৰু কাপোৰ প্ৰস্তুতকাৰী বুলি পৰিচয় দিছিল ৷ ইয়াৰ পাছতে তেওঁ দেশৰ লাখ লাখ খেতিয়ক আৰু কাপোৰ প্ৰস্তুতকাৰীৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল ৷ তেওঁৰ সাধাৰণ জীৱন-যাপনৰ জৰিয়তে প্ৰতিজন জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ গান্ধীজীয়ে খাদী কাপোৰ পৰিধান কৰাৰ লগতে যঁতৰত সূতা কাটিছিল আৰু নিজ হাতেৰে সৱৰমতী আৰু সেৱাগ্ৰাম আশ্ৰমত শৌচালয়ো চাফা কৰিছিল ৷ অন্য ৰাজনীতিবিদ সকলৰ পৰা সম্পূৰ্ণ পৃথক আছিল বাবেই তেওঁ সকলোৰে প্ৰিয় হৈ পৰিছিল ৷
  • তেওঁৰ ভাষাৰ ব্যৱহাৰেও সাধাৰণ জনগণৰ সৈতে তেওঁক বান্ধি ৰখাত সহায় কৰিছিল ৷ যিসময়ত অন্য ৰাজনীতিবিদসকলে ইংৰাজী,সাংস্কৃতিক হিন্দী আৰু অন্য আঞ্চলিক ভাষাসমূহত ভাৱ বিনিময় কৰিছিল সেই সময়ত গান্ধীজীয়ে সহজ হিন্দী অথবা গুজৰাটী ভাষাত কথা পাতিছিল ৷ তেওঁৰ সৈতে কোনো ভাষণত অংশগ্ৰহণ কৰা অন্য ৰাজনীতিবিদ সকলক তেওঁ নিজৰ মাতৃ ভাষাত বক্তৃতা দিবলৈ আহ্বান জনাইছিল ৷ কোনো গণসভাতে ইংৰাজীৰ বাহিৰে অন্য ভাষাত বক্তৃতা প্ৰদান নকৰা মহম্মদ আলি জিন্নাহক গুজৰাটী ক'বলৈ বাধ্য কৰিছিল গান্ধীজীয়ে ৷ ইয়াৰোপৰি, পশ্চিমবংগত সুৰেন্দ্ৰ নাথ বেনাৰ্জীক বাংলা ভাষাত ভাষণ প্ৰদান কৰোৱাইছিল গান্ধীজীয়ে ৷ গান্ধীজীয়ে নিজৰ কাৰ্যকালত কেতিয়াও দলৰ নেতা হোৱাৰ চেষ্টা কৰা নাছিল আৰু সাধাৰণ ভাষাত নিজৰ বাৰ্তা সকলোলৈ পঠিয়াইছিল বাবেই তেওঁ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল ৷ সত্যাগ্ৰহ আন্দোলনত মহিলাক অংশগ্ৰহণ কৰোৱাত মুখ্য ভূমিকা লোৱা গান্ধীজীয়ে মহিলাৰ মন জয় কৰি ৰাষ্ট্ৰীয়তাবাদ বিয়পাবলৈ সক্ষম হৈছিল ৷ ঐতিহাসিক সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল লাখ লাখ মহিলাই ৷ এই আন্দোলনৰ মূল উদ্দেশ্য আছিল বিদেশী বস্ত্ৰ বহিস্কাৰ আৰু অসহযোগ আন্দোলন ৷ অহিংসাৰ মূলমন্ত্ৰৰে চলা এই আন্দোলনত হাজাৰ-হাজাৰ মহিলাই অংশগ্ৰহণ কৰি আটক হ'বলগা হৈছিল ৷
  • দেশৰ জনসংখ্যাৰ অৰ্ধাংশ, মহিলা সকলক সত্যাগ্ৰহৰ জৰিয়তে সংগঠিত হ'বলৈ সক্ষম হৈছিল গান্ধীজী ৷ হিন্দু-মুছলমান ধৰ্মৰ লোকৰ সমন্বয়ৰ বাবে বিৰামবিহীন ভাৱে কাম কৰাৰ ফলতে 1948 চনৰ 30 জানুৱাৰী তাৰিখে তেওঁ এজন হিন্দু ধৰ্মান্ধৰ হাতত প্ৰাণ হেৰুৱাইছিল ৷
  • হিন্দু ধৰ্মক গ্ৰাস কৰা অস্পৃশ্যতাক সমাজৰ পৰা আঁতৰোৱাৰ বাবে একাধাৰে কষ্ট কৰি গৈছিল গান্ধীয়ে ৷ ইয়াৰ বাবে তেওঁ হৰিজন সেৱক সংঘ নিৰ্মাণ কৰি উলিয়াইছিল আৰু সকলোকে উৎসাহিত কৰাৰ চেষ্টা চলাইছিল ৷ তাৰোপৰি,তেওঁ উচ্চ-জাতিৰ তেওঁৰ সতীৰ্থ সকলক চামৰাৰ সামগ্ৰী নিৰ্মাণৰ বাবে আহ্বান জনাইছিল ৷ ইয়াৰ জৰিয়তে তেওঁ জাতি,ধৰ্ম,ভাষা আৰু লিংগ নিৰ্বিশেষে সকলোকে সংগঠিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু স্বাধীনতাৰ ভাৱ সকলোৰে মনত জগাই তুলিছিল ৷ স্বাধীনতা আন্দোলনত ভৰি দিয়াৰ পূৰ্বে গান্ধীজীয়ে এটা বছৰ দেশৰ প্ৰতিটো চুকে-কোণে ঘূৰি ফুৰিছিল আৰু সমস্যাবোৰ বুজাৰ উদ্দেশ্যে সাধাৰণ লোক আৰু নেতাসকলৰ সৈতে কথা পাতিছিল ৷ তাৰ পাছতে আহমেদাবাদত আশ্ৰম নিৰ্মাণৰ জৰিয়তে সকলোবোৰ ঘটনাৰ সত্যাসত্য নিৰূপণৰ চেষ্টা কৰিছিল ৷ যেতিয়া তেওঁ এজন ধৰ্ম উপদেশক হিচাপে দায়িত্ব পালন কৰিছিল,তেতিয়া তেওঁ নিজৰ জীৱনক অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিল ৷ তেওঁৰ এনে কৰ্মই তেওঁক অন্য ৰাজনীতিবিদ সকলৰ পৰা পৃথক কৰি ৰাখিছিল আৰু মহাত্মা হিচাপে পৰিচিত কৰাইছিল ৷ ইয়াৰ ফলতে 'দেশৰ পিতা' সন্মান আহৰণ কৰিছিল তেওঁ ৷ --নাশিকেতা দেশাই

ABOUT THE AUTHOR

...view details