অসম

assam

ETV Bharat / bharat

কোভিড-19 : টিকটক ভিডিঅ’ চাই চিকিৎসাধীন 10 জন !

অন্ধ্ৰ প্ৰদেশৰ ছিত্তোৰ জিলাৰ এটা পৰিয়ালে কৰ’ণা ভাইৰাছৰ পৰা বাছিবলৈ টিকটকত দেখা ভিডিঅ’ৰ পৰা চিকিৎসা গ্ৰহণ কৰি ওলোটাই চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় ৷ টিকটকত দেখা ভিডিঅ’ৰ পৰা কৰ’ণা ভাইৰাছৰ ভুৱা চিকিৎসা গ্ৰহণ কৰি চিকিৎসাধীন হ’বলগীয়া হয় জিলাখনৰ এটা পৰিয়ালৰ 10জনকৈ লোক ৷

By

Published : Apr 9, 2020, 2:03 PM IST

টিকটক ভিডিঅ’ চাই চিকিৎসাধীন 10 জন
টিকটক ভিডিঅ’ চাই চিকিৎসাধীন 10 জন

নিউজ ডেস্ক, 9 এপ্ৰিলঃ টিকটকৰ ভিডিঅ’ চাই ঘৰুৱাভাৱে চিকিৎসা গ্ৰহণ কৰিবলৈ লৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে এটা পৰিয়াল ৷ অন্ধ্ৰ প্ৰদেশৰ ছিত্তোৰ জিলাত সংঘটিত হৈছে এই ঘটনা ৷

সমগ্ৰ দেশত কৰ’ণা ভাইৰাৰ আতংক অব্যাহত থকাৰ সময়তে পৰিয়ালটোৱে টিকটকৰ ভিডিঅ’ চাই সেৱন কৰে ধতুৰাৰ ৰস ৷ অতিকে নিচাযুক্ত এই ধতুৰাৰ ৰস সেৱন কৰাৰ ফলত পৰিয়ালটোৰ দহগৰাকীকৈ সদস্য অসুস্থ হৈ পৰে ৷ ইতিমধ্যে তেওঁলোকক চিকিৎৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত পোহৰলৈ আহে সমগ্ৰ কাণ্ড ৷ ইতিমধ্যে চিকিৎসাৰ অন্তত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় ৷ স্থানীয় স্বাস্থ্য বিভাগ এই ঘটনাৰ পিচতে ছ'চিয়েল মিডিয়াক লৈ যথেষ্ট সাৱধান হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details