পি ভি নৰসিমহা ৰাওৰ সৈতে মোৰ পৰিচয় ১৯৮৮ চনৰ পৰা । তেতিয়া তেওঁ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল আৰু মই আছিলো দক্ষিণ আয়োগৰ সচিব প্ৰধান । সেই সময়ত তেওঁৰ জেনেভা ভ্ৰমণৰ কালছোৱাত মই তেওঁক লগ পাইছিলোঁ । ১৯৯১ চনত চৰকাৰ গঠনৰ দিনটোত পি ভি নৰসিমহা ৰাওয়ে মোক ফোন কৰি কৈছিল—আহক, আমি আপোনাক বিত্ত মন্ত্ৰী হিচাপে বিচাৰোঁ । বহুতকে আচৰিত কৰি বিত্ত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ মই ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিলোঁ । বিত্ত মন্ত্ৰীৰ পদটোত অধিষ্ঠিত হোৱাৰ পূৰ্বে মই নৰসিমহা ৰাওক কৈছিলোঁ যে তেওঁৰ সম্পূৰ্ণ সহযোগিতা পালেহে মই এই পদটো গ্ৰহণ কৰিম । তেওঁ ধেমেলীয়া সুৰত কৈছিল—“আপোনাক সম্পূৰ্ণ স্বাধীনতা দিয়া হ’ব । যদি নীতিসমূহ সফল হয় আমি সকলোৱে ইয়াৰ ক্ৰেডিট ল’ম । যদি সেইবোৰ বিফল হয়, তেতিয়া আপুনি যাব লাগিব ।”
শপত গ্ৰহণ অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰী ৰাৱে বিৰোধী নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছিল । ময়ো তেওঁলোকক সম্বোধন কৰিছিলোঁ । মোৰ ভাৱ হৈছিল যে বিৰোধী পক্ষ সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিল । অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে মোক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ।
অৰ্থনৈতিক সংস্কাৰ হঠাতে ঘটা নাছিল । তেতিয়াৰ দূৰদৰ্শী ৰাজনৈতিক নেতৃত্বৰ অবিহনে এই ঐতিহাসিক পৰিৱৰ্তন সম্ভৱ নহ’লহেঁতেন । আমাৰ অৰ্থনৈতিক নীতিক নতুন ৰূপ দিয়া, সামাজিক ন্যায়ৰ সৈতে অৰ্থনৈতিক বিকাশ দ্ৰুত কৰা প্ৰথমগৰাকী ৰাজনৈতিক নেত্ৰী আছিল প্ৰয়াত ইন্দিৰা গান্ধী । তেওঁ প্ৰথমতে লোৱা পদক্ষেপসমূহ পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধীয়ে সঠিকভাৱে আগুৱাই লৈ গৈছিল । ৰাজীৱ গান্ধীয়ে তথ্য প্ৰযুক্তিৰ নতুন যুগৰ উপস্থিতিক উপলব্ধি কৰিছিল । ৰাজীৱ গান্ধীৰ নেতৃত্বত ১৯৮০ৰ দ্বিতীয়ছোৱাত কংগ্ৰেছ চৰকাৰৰ দিনত গ্ৰহণ কৰা নীতিসমূহৰ জৰিয়তে অৰ্থনৈতিক সংস্কাৰৰ বাট মুকলি হৈছিল ।
নৰসিমহা ৰাওয়ে যি দৃঢ়তাৰে অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন কৰিছিল আমি তাৰ প্ৰতি শ্ৰদ্ধা নিশ্চয় নিবেদন কৰিব লাগিব । যেতিয়া প্ৰধানমন্ত্ৰী নৰসিমহা ৰাওৰ নেতৃত্বত ১৯৯১ চনত কংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল আৰু মই যেতিয়া বিত্ত মন্ত্ৰী আছিলোঁ তেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰা হৈছিল । প্ৰধানমন্ত্ৰী ৰাওৰ নেতৃত্বতে আমি বিত্তীয় আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ । আমি গ্ৰহণ কৰা সংস্কাৰৰ পদক্ষেপৰ গুৰুত্বপূৰ্ণ দিশ হ’ল ভাৰতৰ অভিজ্ঞতা এই ক্ষেত্ৰত আছিল অনন্য । আমি কোনো পূৰ্ব নিৰ্ধাৰিত ফৰ্মূলা বিচৰা নাছিলোঁ । তেতিয়াৰ আন্তৰ্জাতিক মুদ্ৰানিধিৰ পৰিচালন সঞ্চালক মাইকেল কেমডেচাচ আৰু প্ৰধানমন্ত্ৰী নৰসিমহা ৰাওৰ সৈতে হোৱা বৈঠকৰ কথা মোৰ মনত পৰে । ভাৰতত হোৱা সংস্কাৰ ভাৰতীয় দৃষ্টিভংগীৰে হ’ব লাগিব বুলি নৰসিমহা ৰাৱে তেওঁক কৈছিল । আমি এখন গণতান্ত্ৰিক দেশ । আমাৰ শ্ৰমজীৱী লোকসকলৰ স্বাৰ্থ সুৰক্ষিত থাকিব লাগিব । আমাৰ অৰ্থনৈতিক সংস্কাৰৰ আঁচনিৰ ফলত এজন যাতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া নহয় তাৰ বাবে আমি সচেষ্ট বুলি আন্তৰ্জাতিক মুদ্ৰানিধিক জনাইছিলোঁ । মই বিশ্বাস কৰোঁ আমাৰ আশ্বাস অনুসৰি আমি সেয়া কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমাৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰিয়েই সংস্কাৰ সাধন কৰা হৈছিল ।
ভাৰতৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নসিমহা ৰাওয়ে বাস্তৱতা আনিছিল । তেওঁ চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল । ১৯৯৩ চনত চীনৰ সৈতে থকা সম্পৰ্কৰ কিছু তিক্ততা দূৰ কৰাৰ বাবে ৰাওজীয়ে চীন ভ্ৰমণ কৰিছিল । আন ছাৰ্ক দেশৰ সৈতে ভাৰতে ছাউথ এছিয়া প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰীমেণ্টত স্বাক্ষৰ কৰিছিল । পূব আৰু দক্ষিণ পূব এছিয়াৰ বহু দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক দৃঢ় কৰাৰ বাবে তেওঁ লুক ইষ্ট পলিচী আৰম্ভ কৰিছিল ।