অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 1 ছেপ্টেম্বৰ

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (1 ছেপ্টেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

today's date histrory

By

Published : Sep 1, 2019, 1:58 AM IST

  • ১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ কামেশ্বৰ ব্ৰহ্মৰ জন্ম হৈছিল ।
  • ১৯৫৭ চনৰ 1 ছেপ্টেম্বৰত ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী অঞ্জলী গোপালনৰ জন্ম হৈছিল ।
  • ১৯৮৫ চনৰ এই দিনটোতে সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট হোৱা টাইটানিক জাহাজৰ ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল ।
  • 1978 চনৰ আজিৰ দিনটোতে হায়দৰাবাদৰ নিজাম আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত চুক্তি স্বাক্ষৰিত হয় ৷
  • 1942 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে ৰাছবিহাৰী বসুৱে ভাৰতীয় সেনা বাহিনী গঠন কৰে ৷
  • 1956 চনৰ এই দিনটোত জীৱন বীমা নিগমে প্ৰতিষ্ঠা লাভ কৰে ৷ ইয়াৰোপৰিও ভাৰতত থকা সকলোবোৰ বীমা কোম্পানীসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হয় ৷
  • আজি উজবেকিস্তানৰ স্বাধীনতা দিৱস ৷ 1991 চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰিছিল ৰাষ্ট্ৰখনে ৷
  • 1982 চনৰ 1 ছেপ্টেম্বৰত যুক্তৰাষ্ট্ৰত Air Force Space Command য়ে প্ৰতিষ্ঠা লাভ কৰিছিল ৷
  • 1980 চনৰ এই দিনটোত 'চয়-ক্যো-হাহ'ৰ ইস্তাফাৰ পাচতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় চ্চুন-দো-হোৱান ৷
  • যুগুস্লেভিয়াৰ বেলগ্ৰেডত 1961 চনৰ 1 ছেপ্টেম্বৰত Non-Aligned ৰাষ্ট্ৰসমূহৰ প্ৰথমখনি সন্মিলন অনুষ্ঠিত হয় ৷
  • 1952 চনৰ এই দিনটোতে প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল 'ড্য অল্ড মেন এণ্ড ড্য ছি'ৰ উপন্যাসখনে ৷ এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে ৷ 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল ৷
  • 1951 চনৰ আজিৰ দিনটোতে ANZUS চুক্তি স্বাক্ষৰিত হৈছিল ৷ এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল ৷

ABOUT THE AUTHOR

...view details