- বিশিষ্ট সাহিত্যিক, উপন্যাসিকা তথা কবি অমৃতা প্ৰীতমৰ আজি জন্মবাৰ্ষিকী ৷ 1919 চনৰ 31 আগষ্ট তাৰিখে পাকিস্তানৰ গুজৰানৱালাত জন্মগ্ৰহণ কৰিছিল অমৃতা প্ৰীতমে ৷
- 1897 চনৰ এই দিনটোতে থমাচ আলভা এডিছনে প্ৰথমটো চলচিত্ৰ প্ৰজেক্টৰ উদ্ভাৱন কৰি উলিয়াই ৷ এই প্ৰজেক্টৰটোৰ নাম আছিল কিনেট’স্কপ ৷ কিনেট’স্কপত এটা সময়ত মাত্ৰ এজন ব্যক্তিয়েই উপভোগ কৰিব পাৰিছিল ৷
- 1776 চনৰ আজিৰ দিনটোতে উইলিয়াম লিভিংষ্টন নিউ জাৰ্চীৰ প্ৰথমগৰাকী ৰাজ্যপাল হিচাপে নিয়োজিত হৈছিল ৷
- বৰ্তমান মালায়েছিয়া হিচাপে খ্যাত ফেডাৰেশ্যন অৱ মালায়াই 1957 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰিছিল ৷
- 1962 চনৰ 31 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল ত্ৰিনিয়াড আৰু ট'বেক'য়ে ৷ কেৰিবিয়ানৰ দক্ষিণত স্থিত দুখন দ্বীপৰাষ্ট্ৰ হৈছে ত্ৰিনিয়াড আৰু ট'বেক' ৷
- কাৰ্গিস্তানে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰিছিল 1991 চনৰ আজিৰ দিনটোত ৷
ইতিহাসত আজিৰ দিনটো - 26 আগষ্ট
চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (31 আগষ্ট)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-
today's date histrory