অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (29 আগষ্ট)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

history in today's date

By

Published : Aug 29, 2019, 8:15 AM IST

Updated : Aug 29, 2019, 9:55 AM IST

  • ১৯৯০ চনৰ এই দিনটোতেই অসমীয়া সংগীত জগতৰ এক প্ৰতিভা তাৰিকুদ্দিন আহমেদৰ মৃত্যু হয় ।
  • ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
  • ১৯১০ চনৰ এই দিনটোতে কোৰিয়া জাপানৰ অধীনলৈ যায়।
  • ১৯৪৭ চনৰ এই দিনটোতে ড০ ভীমৰাও আম্বেদকাৰৰ অধ্যক্ষতাত ভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয় । উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চুড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰাহে সংবিধানখন বলৱৎ কৰা হয়।
  • ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি,সঙ্গীতজ্ঞ,সংগীতস্ৰষ্টা,দাৰ্শনিক,বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত কাজী নজৰুল ইছলামৰ মৃত্যু হৈছিল।
  • ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
  • ৭০৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জাপানত প্ৰথমবাৰৰ বাবে কপাৰৰ মূদ্ৰা প্ৰচলন হৈছিল। কিন্তু জাপানৰ পৰম্পৰাগত বৰ্ষপঞ্জী অনুসৰি কপাৰৰ মূদ্ৰা প্ৰচলনৰ তাৰিখ আছিল ১০ আগষ্ট ।
  • ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত পীকিগ্নী চুক্তি (Treaty of Picquigny) স্বাক্ষৰ হৈছিল ১৪৭৫ চনত । দুয়োখন প্ৰদেশৰ মাজত আলোচনাৰ মাধ্যমেৰে হোৱা শান্তিৰ চুক্তি এই পীকিগ্নী চুক্তি ।
  • ১৭৮৬ চনৰ ২৯ আগষ্টৰ পৰা আৰম্ভ হৈছিল শ্বেইছ বিপ্লৱ । ঋণ আৰু অতিমাত্ৰা কৰৰ বাবে দক্ষিণ-পূৱ আমেৰিকাৰ নিউ ইংলেণ্ডৰ চহৰ মাছাচোছেটৰ কৃষকসকলে আৰম্ভ কৰিছিল এই সামৰিক বিদ্ৰোহ ।
  • ১৯০৭ চনৰ আজিৰ দিনটোতে নিৰ্মীয়মান অৱস্থাত খহি পৰিছিল কুৱেবেক ব্ৰীজ । এই ঘটনাত নিহত হৈছিল দলং নিৰ্মাণত জড়িত প্ৰায় ৭৫ গৰাকী কৰ্মী ।
  • ১৯৪৪ চনৰ শ্লোভাক ৰাষ্ট্ৰীয় বিগ্ৰহত প্ৰায় ষাঠী হাজাৰ শ্লোভাক সেনাক ইহুদীসকলৰ বিৰুদ্ধে প্ৰেৰণ কৰা হয় ।
  • ১৯৪৯ চনৰ ২৯ আগষ্টত কাজাকাস্তানত ছোভিয়েট ইউনিয়নে পৰীক্ষণ কৰিছিল ইয়াৰ প্ৰথমটো পাৰমাণৱিক বোমা । ইয়াক First Lightning অথবা Joe 1 হিচাপে জনা যায় ।
  • ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো দূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
  • ১৯৯৭ চনৰ আজিৰ দিনটোতে এতিয়াৰ জনপ্ৰিয় মনোৰঞ্জনধৰ্মী চেনেল Netflix য়ে প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল । ডিভিডি ৰেন্টেল চাৰ্ভিছ হিচাপে প্ৰথমে মুকলি হৈছিল Netflix ।
  • আলজেৰিয়াত ইছলামিক গ্ৰুপ GIA ৰ হাতত মৃত্যু হৈছিল প্ৰায় ৯৮ গৰাকী লোক । যাক 'ৰাইচ গণহত্যা' (Rais massacre) হিচাপেও জনা যায় ।
Last Updated : Aug 29, 2019, 9:55 AM IST

ABOUT THE AUTHOR

...view details