ইতিহাসত আজিৰ দিনটো - আজিৰ দিনটো
চাওঁ আহক 18 আগষ্টত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে:
history in today's date
আজিৰ দিনটো-
- আজি সুভাষ চন্দ্ৰ বসুৰ মৃত্যুবাৰ্ষিকী ৷ দেশৰ বীৰ নায়ক গৰাকীৰ মৃত্যু যদিও ৰহস্যৰ আৱৰ্তত 18 আগষ্ট দিনটোকে তেখেতৰ মৃত্যুৰ দিন হিচাপে পালন কৰা হয় ৷
- হিন্দী বোলছবি জগতৰ এগৰাকী বিশিষ্ট পৰিচালক তথা কবি, গীতিকাৰ গুলজাৰৰ আজি জন্মদিন ৷ 84 বছৰ বয়সত ভৰি দিলে পদ্ম ভূষন, দাদা চাহেব ফাল্কে বঁটা প্ৰাপক জনপ্ৰিয় সাহিত্যিক গৰাকীয়ে ৷
- আজি দীননাথ শৰ্মাৰ মৃত্যুবাৰ্ষিকী ৷ ১৯৮৮ চনৰ আজিৰ দিনটোতে "আৱাহন" যুগৰ এইগৰাকী বিশিষ্ট গল্পকাৰৰ মৃত্যু হৈছিল ।
- ২০০০ চনৰ আজিৰ দিনটোতে অভিনেতা, গল্পকাৰ, চলচিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰীয়ে ইহলীলা সম্বৰণ কৰিছিল।
- ১৯৮০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদৰ ।
- ১৯০০ চনৰ আজিৰ দিনটোত বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হয়। তেওঁ আছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম গৰাকী মহিলা তথা প্ৰথম গৰাকী ভাৰতীয় ৷
- ইংলিছ চেনেলৰ সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী বাংলাদেশৰ নাগৰিক হিচাপে পৰিগণিত হৈছিল সাঁতোৰবিদ ব্ৰজেন দাস ৷ ইংলিছ চেনেলৰ সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এছিয়াৰো প্ৰথমগৰাকী লোক আছিল তেওঁ ৷ উল্লেখ্য যে, 39 গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷
- 1826 চনৰ আজিৰ দিনটোতে তিম্বুক্তোত পদাৰ্পণ কৰা প্ৰথমগৰাকী অমুছলমান হিচাপে পৰিগণিত হৈছিল মেজৰ গৰ্ডন লেইঙ ৷
- 1868 চনৰ আজিৰ দিনটোতে হিলিয়ামৰ আৱিষ্কাৰ হৈছিল ৷ হিলিয়ামক আৱিষ্কাৰ কৰিছিল ফ্ৰেন্স মহাকাশবিজ্ঞানী পাইৰী যানচেনে ৷
- 1891 চনৰ 18 আগষ্টত মাৰ্টিনিকত সংঘটিত হৈছিল প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহ ৷ যাৰ ফলত মৃত্যু হৈছিল প্ৰায় 700 গৰাকীকৈ লোক ৷
- ১৮৬৪ চনৰ আজিৰ দিনটোতে সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়। ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক আছিল হেনৰী ডুৰাণ্ট।