অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - বিশ্ব ইতিহাস

চাওঁ আহক ৯ আগষ্ট তাৰিখে বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়েঃ

etv bharat

By

Published : Aug 9, 2019, 1:17 AM IST

Updated : Aug 9, 2019, 2:20 AM IST

  • ১৯৯১ চনৰ এই দিনটোতে অসমৰ প্ৰবীণ সাংবাদিক কমলা শইকীয়াই সন্ত্ৰাসবাদীৰ গুলীত মৃত্যুক সাৱতি লয় ।
  • ১৯৫০ চনৰ এই দিনটোতে বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে ।
  • আজি নাগাচাকি দিৱস ৷ ১৯৪৫ চনৰ আজিৰ দিনটোতে জাপানৰ নাগাচাকিত পাৰমাণৱিক বোমা উৎক্ষেপণ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই ৷
  • ১৬১০ চনৰ আজিৰ দিনটোতে ঔপনিৱেশিক ভাৰ্জিনাত এংলো-পাওহাটান বিগ্ৰহৰ আৰম্ভ হৈছিল ৷ ঔপনিৱেশিক ভাৰ্জিনাৰ ইংৰাজ আৰু পাওহাটান কনফিডাৰেচিৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল ৷ যুদ্ধ আৰম্ভ হোৱা চাৰিবছৰৰ পাচত অৰ্থাৎ ১৯১৪ চনত সমাপ্ত হয় এই এংলো-পাওহাটান বিগ্ৰহ ৷
  • ভাৰতৰ লক্ষ্নৌৰ সমীপৰ কাকৰি অঞ্চলক ১৯২৫ চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল ৰে’ল ডকাইতি কাণ্ড ৷ ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলি থকা সময়তে সংঘটিত হৈছিল এই ডকাইতি কাণ্ড ৷ ১৯২৫ৰ ডকাইতি সংঘটিত কৰিছিল হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েশ্যনে, যাক হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান আৰ্মী বুলিও জনা গৈছিল ৷ আৰু এই সংগঠনটো গঠন কৰিছিল চন্দ্ৰশেখৰ ৰাও, ভগত সিং, সুখদেৱ থাপাৰ আদিৰ দৰে কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামীয়ে ৷
  • ১৯৬২ চনৰ এই দিনটোত কবি-উপন্যাসিক হেৰমান হেছৰ মৃত্যু হয়। ১৯৪৬ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। লিখিত গ্ৰন্থ আছিল জীৱন-ভিত্তিক গ্ৰন্থ সিদ্ধাৰ্থ।
  • ১৯৬৫ চনৰ আজিৰ দিনটোতে মালয়েছিয়াৰ পৰা চিংগাপুৰ বিচিন্ন হৈ পৰিছিল ৷ উল্লেখ্য যে, ইয়াৰ পাচতে চিংগাপুৰ হৈ পৰিছিল অনিচ্ছাকৃতভাৱে স্বাধীনতা লাভ কৰা প্ৰথমখন ৰাষ্ট্ৰ ৷
  • ১৯৭৩ চনৰ আজিৰ দিনটোতে ইউনাইটেট ষ্টেট অৱ ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰিছিল মাৰ্চ-7 ৷ মঙল গ্ৰহৰ অন্বেষণ কৰাৰ উদ্দেশ্যে ছোভিয়েট ইউনিয়নে উৎক্ষেপণ কৰিছিল মাৰ্চ-7 ৷ ইয়াক 3MP No.51P নামেৰেও জনা যায় ৷
  • ১৯৭৩ চনৰ এই দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল হুইটনী হাষ্টনৰ জন্ম হৈছিল।
  • ২০০৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ 2006 transatlantic aircraft plot ত প্ৰায় ২১ গৰাকী সন্দেহযুক্ত সন্ত্ৰাসবাদীক আটক কৰা হৈছিল ৷ লণ্ডন, ৱাৰ্মিংহাম আৰু হাইৱাইকম্বেত একে নিশাই চলা আৰক্ষীৰ অভিযানত আটক হৈছিল সন্ত্ৰাসবাদী কেইজন ৷
  • ভাৰতৰ বিখ্যাত দাৰ্শনিক, সাহিত্যিক তথা শিক্ষাবিদ বিনায়কা কৃষ্ণ গোকাকৰ জন্ম হৈছিল ১৯০৯ চনৰ আজিৰ দিনটোত ৷
  • ভাৰতীয় চলচিত্ৰৰ জনপ্ৰিয় অভিনেতা তথা প্ৰযোজক মহেশ বাবুৰ জন্ম হৈছিল ১৯৭৫ চনৰ আজিৰ দিনটোতে ৷
  • আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মহিলা দিৱস ৷
  • ১৯৪২ চনৰ এই দিনটোতে মুম্বাইত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হয় ।
Last Updated : Aug 9, 2019, 2:20 AM IST

ABOUT THE AUTHOR

...view details