- ১৩৪৭ চনৰ আজিৰ দিনটোতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল । বাহমনি সাম্ৰাজ্য আছিল দক্ষিণ এছিয়াৰ প্ৰথম স্বাধীন মুছলিম সাম্ৰাজ্য ৷
- অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ তথা সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হৈছিল ১৯৮০ চনৰ আজিৰ এই দিনটোতে ৷ অসমৰ চলচ্চিত্ৰ জগতৰ প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা আছিল কমল নাৰায়ণ চৌধুৰী ৷ 1946 চনত বদন বৰফুকন কথাছবি নিৰ্মাণ কৰাৰ উপৰিও তেখেতে প্ৰতিধ্বনি,নিমিলা অংক,মুকুতা,মৰম,মন প্ৰজাপতি আদি বিভিন্ন কথাছবিৰ বিভিন্ন ভূমিকাত অভিনয়ো কৰিছিল ৷
- ভাৰতৰ শ্ৰেষ্ঠ সাহিত্যিক মৈথেলী চৰণ গুপ্তৰ আজি জন্মবাৰ্ষিকী ৷ 1886 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল বিশিষ্ট হিন্দী কবিগৰাকীয়ে ৷ সাহিত্য জগতখনলৈ আগবঢ়োৱা সন্মানৰ বাবে মৈথেলী চৰণ গুপ্তলৈ আগবঢ়োৱা হৈছিল দেশৰ তৃতীয় শ্ৰেষ্ঠ সন্মান পদ্মশ্ৰী বঁটা ৷ উল্লেখ্য যে,ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত লিখি উলিওৱা 'ভাৰত-ভাৰতী' নামৰ গ্ৰন্থখনৰ বাবে মহাত্মা গান্ধীয়ে তেখেতক 'ৰাষ্ট্ৰীয় কবি' উপাধি প্ৰদান কৰে ৷
- ভাৰতীয় কবি তথা সংগীতকাৰ ছাকিল বডায়ুনীৰ আজি জন্মদিন ৷ 1916 চনৰ 3 আগষ্টত ব্ৰিটিছ শাসনাধীন ভাৰতৰ আগ্ৰা আৰু অবধৰ সংযুক্ত প্ৰদেশত তেওঁ জন্মগ্ৰহণ কৰিছিল ৷
- ১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগে প্ৰতিষ্ঠা লাভ কৰিছিল।
- ভাৰতীয় চলচিত্ৰ নিৰ্মাতা মণি শংকৰৰ আজি ওপজা দিন ৷ 1957 চনৰ 3 আগষ্টত গুনন্তুৰ অঞ্চলত জন্মগ্ৰহণ কৰিছিল ৷
- ১৯১৪ চনৰ আজিৰ তাৰিখতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
- ১৯৯৯ চনৰ আজিৰ তাৰিখতে নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰিছিল।
- 2014 চনৰ আজিৰ দিনটোতে চীনৰ ইউন্নান অঞ্চলত সংঘটিত হৈছিল ভয়াৱহ ভূমিকম্প ৷ 6.7 ৰিখটাৰ স্কেলৰ এই ভূমিকম্পত কমেও 617 গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল 2400 গৰাকীতকৈও অধিক ব্যক্তি ৷
ইতিহাসত আজিৰ দিনটো - আজিৰ দিনটো
চাও আহক 3 আগষ্টত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়েঃ
etv bharat