নেশ্যনেল ডেস্ক, 9 জুলাইঃআপোনাৰ কাহ হৈছে নেকি ? 19শ শতিকাৰ দিন হোৱা হেতেন এতিয়ালৈ আপোনাক কাহৰ পৰা আৰোগ্য হ'বলৈ চিকিৎসকে হেৰ'ইন ব্যৱহাৰ কৰিবলৈ দিলেহেতেন ৷ আচৰিত নহ'ব ৷ কিয়নো হেৰ'ইনৰ আৰম্ভনি কোনো নিচাজাতীয় দ্ৰব্য হিচাপে হোৱা নাছিল ৷ হৈছিল দৰৱ হিচাপেহে ৷ পূৰ্বতে কাহৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হৈছিল হেৰ'ইন ৷
19শ শতিকাত হেৰ'ইনৰ ব্যৱহাৰ
19 শতিকাত শিশুসকলৰ সামান্য কাহ হ'লেই হেৰ'ইন খাবলৈ দিয়া হৈছিল ৷ তেতিয়া হেৰ'ইন ভিন্ন প্ৰকাৰত উপলব্ধ আছিল ৷ টনিকৰ পৰা আৰম্ভ কৰি, লজেন্স আদিলৈ সকলোতে ব্যৱহাৰ কৰা হৈছিল হেৰ'ইন ৷ এই দৰৱ বজাৰলৈ আনিছিল বায়াৰ ফাৰ্মাচিটিকেল্ছে ৷ সেই দৰৱৰ নাম আছিল হেৰ'ইন হাইড্ৰ'ক্ল'ৰাইড ৷ তাৰ পূৰ্বে কাহৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হৈছিল মৰফিন ৷ কিন্তু কাহ ভাল হ'লেও মৰফিনৰ প্ৰতি তীব্ৰ আসক্ত হৈ পৰিছিল সেৱনকাৰী সকল ৷ সেই বাবে মৰফিনৰ বিকল্প হিচাপে বজাৰলৈ অনা হৈছিল হেৰ'ইন ৷ প্ৰথমাৱস্থাত হেৰ'ইনৰ পৰা কোন ধৰণৰ আসক্তি হোৱা নাছিল ৷
বায়াৰ ফাৰ্মাচিওটিকেল্ছ আৰু হেৰ'ইন
1898 চনতে বায়াৰ ফাৰ্মাচিটিকেল্ছে এই দৰৱৰ ব্যৱসায়িক প্ৰচাৰ আৰম্ভ কৰিছিল ৷ তেওঁলোকে দাবী কৰিছিল যে, এই দৰৱৰ ব্যৱহাৰৰ ফলত উৎপন্ন নহয় কোনো ধৰণৰ আসক্তি ৷ ব্ৰংকাইটিছ, টিউবাৰকিউল'ছিচ আৰু অন্যান্য কাহজনিত অসুস্থতাৰ বাবে ব্যৱবহাৰ কৰা হৈছিল হেৰ'ইন ৷ 1906 চনত আমেৰিকান মেডিকেল এচ'ছিয়েশ্যনে হেৰ'ইন ব্যৱহাৰৰ অনুমতি দিয়ে আৰু ইয়াৰ বজাৰত মৰফিনৰ বিকল্প হিচাপে প্ৰচলিত কৰে ৷