অসম

assam

By

Published : Sep 26, 2019, 4:02 PM IST

ETV Bharat / bharat

27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান

27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত ভাৰত আৰু পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ওপৰত দুয়োখন দেশৰে প্ৰধানমন্ত্ৰী ক্ৰমে নৰেন্দ্ৰ মোদী আৰু ইমৰাণ খানে বক্তব্য প্ৰদান কৰিব ৷ যোৱা পাঁচ বছৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত হোৱা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ আলোচনাত কি হৈছিল ?

27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত মুখামুখী হ'ব ভাৰত আৰু পাকিস্তান

হায়দৰাবাদ, 26 ছেপ্টেম্বৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত 27 ছেপ্টেম্বৰত দুয়োখন দেশৰে প্ৰধানমন্ত্ৰী ক্ৰমে নৰেন্দ্ৰ মোদী আৰু ইমৰাণ খানে বক্তব্য প্ৰদান কৰিব ৷

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 74 সংখ্যক অধিৱেশনত প্ৰদান কৰিব লগীয়া এই ভাষণ হ'ব প্ৰায় চাৰি বছৰৰ পাচত বিশ্বৰ শীৰ্ষ সংস্থা সমূহৰ ভিতৰত প্ৰদান কৰিব লগীয়া অন্যতম ভাষণ ৷

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক সম্বোধন কৰিছিল ৷

তলত যোৱা পাঁচ বছৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত হোৱা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ আলোচনাৰ চমু বিৱৰণ দাঙি ধৰা হ'লঃ

27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত মুখামুখী হ'ব ভাৰত আৰু পাকিস্তান

2014 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 69 সংখ্যক অধিৱেশনঃ

নাৱাজ শ্বৰীফঃ " কাশ্মীৰত পৰ্দা পেলোৱা সম্ভৱ নহয় "
"বছৰ বছৰ জুৰি কাশ্মীৰৰ জনসাধাৰণে হিংসা আৰু মৌলিক অধিকাৰ খৰ্বৰ মাজতে জীৱন অতিবাহিত কৰি আহিব লগা হৈছে ৷ সেইবাবে জম্মু কাশ্মীৰৰ সমস্যা সমাধান কৰিবই লাগিব ৷ ইয়াৰ বাবে আন্তজাৰ্তিক সংস্থাৰ দায়িত্ব আছে ৷ আমি অকলে কাশ্মীৰৰ পৰ্দা আঁতৰ কৰিব নোৱাৰো ৷

নৰেন্দ্ৰ মোদীঃ "পাকিস্তানে আলোচনাৰ বাবে উপযুক্ত ৰাষ্ট্ৰদূত নিয়োগ কৰিব লাগে "
" পাকিস্তানে সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে আৰু কোনো ধৰণৰ সন্ত্ৰাসৰ প্ৰশয় নোলোৱাকৈ বন্ধুত্ব আৰু সহযোগিতা স্থাপন কৰিব বিচাৰিলে মই দ্বিপাক্ষিক সম্পৰ্কৰ বাবে সদায় সাজু আছো ৷ কিন্তু তাৰ বাবে পাকিস্তানে গুৰুত্ব সহকাৰে এটা উপযুক্ত পৰিৱেশ সৃষ্টিৰ বাবে দায়িত্ব পালন কৰিব লাগিব ৷"

2015 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 70 সংখ্যক অধিৱেশনঃ

নাৱাজ শ্বৰীফঃ' চাৰি দফাৰ শান্তিৰ প্ৰস্তাৱ '
" কাশ্মীৰৰ তিনিটা প্ৰজন্মই কেৱল প্ৰতিশ্ৰুতি ভংগ আৰু পাশৱিক অত্যাচাৰে দেখি আহিছে ৷ কাশ্মীৰৰ আত্ম নিয়ন্ত্ৰণৰ সংগ্ৰামত প্ৰায় 100,000 জন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে ৷ এয়া ৰাষ্ট্ৰসংঘৰ বাবে বিফলতা ৷ মই ভাৰতৰ লগত চাৰি দফীয়া শান্তিৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰিছো ৷"

সুষমা স্বৰাজঃ' সন্ত্ৰাসবাদ এৰক, আলোচনাৰ বাবে বহক '
" নাৱাজ শ্বৰীফৰ প্ৰস্তাৱক সমৰ্থন কৰি বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে কয়, আমি সকলোৱে জানো যে পাক অধীকৃত কাশ্মীৰৰ বৈধতা দাবী কৰিবৰ বাবেই ভাৰতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত কৰি ভাৰতক অস্থিৰ কৰি তোলা হৈছে ৷ আমাক চাৰি দফীয়া প্ৰস্তাৱ নালাগে, তাৰ পৰিৰ্বতে আমাক মাত্ৰ এটা দফা লাগে ৷ সেয়ে পাকিস্তানে সন্ত্ৰাসবাদ এৰক আৰু আলোচনাৰ মোজলৈ আহক ৷ "

2016 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 71 সংখ্যক অধিৱেশনঃ

নাৱাজ শ্বৰীফঃ' ভাৰতে মানৱ অধিকাৰ উলংঘন কৰাৰ আমি প্ৰমাণ দিম '
" বুৰহান ৱাৰ্নিক ভাৰতীয় সেনাই নৃশংস ভাৱে হত্যা কৰাটোৱে কাশ্মীৰত মানৱ অধিকাৰ উলংঘনৰ স্পষ্ট প্ৰমাণ দিয়ে ৷ ভাৰত অধীকৃত কাশ্মীৰত ভয়ংকৰ ভাৱে মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ তথ্য আৰু প্ৰমাণ আমি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক প্ৰদান কৰিম ৷ লগতে তেওঁ কয় যে, ভাৰতে অপ্ৰয়োজনীয় ভাৱে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰিছে

সুষমা স্বৰাজঃ'পাকিস্তানে বেলুচিস্তানৰ ওপৰত কৰা বৰ্বৰতা মানি লোৱা উচিত '
" পাকিস্তানে বেলুচিস্তানৰ ভূ খণ্ডত বৰ্বৰ অত্যাচাৰ নমাই আনিছে ৷ বহু দেশে কৈছে যে, পাকিস্তানে সন্ত্ৰাসবাদ বৃদ্ধিত সহায় কৰিছে, প্ৰশয় দিছে আৰু ৰপ্তানিও কৰিছে ৷ বৰ্বৰতা তেওঁলোকৰ বাবে ৰুচি হৈ পৰিছে ৷ বেলুচিস্তানৰ ওপৰত কৰা অত্যাচাৰে এতিয়া বৰ্বৰ ৰূপ পাইছে ৷ "


2017 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 72 সংখ্যক অধিৱেশনঃ

শ্বাহিদ খাকান আব্বাসিঃ' ৰাষ্ট্ৰসংঘই জম্মু কাশ্মীৰলৈ অনুসন্ধান কমিটি পঠিয়াব লাগে '
" জম্মু কাশ্মীৰত ভাৰতে সংঘটিত কৰি অহা মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ অনুসন্ধানৰ বাবে উচ্চ স্তৰীয় সমিতি নিয়োগ কৰা উচিত ৷ ইয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিবে বিশেষ ৰাষ্ট্ৰদূত জম্মু কাশ্মীৰৰ বাবে নিয়োগ কৰিব লাগে ৷ "

সুষমা স্বৰাজঃ' ভাৰতে গৱেষক সৃষ্টি কৰিছে, কিন্তু পাকিস্তানে সন্ত্ৰাসবাদীৰ সৃষ্টি কৰিছে '
" ভাৰত আৰু পাকিস্তান দুয়ো দেশে নিজ নিজ ক্ষেত্ৰত স্বাধীন ৷ এই ক্ষেত্ৰত আমি গৱেষক, বিজ্ঞানী, অভিযন্তা, চিকিৎসক আদিৰ সৃষ্টি কৰিছে ৷ কিন্তু ইয়াৰ পৰিৰ্বতে পাকিস্তানে সন্ত্ৰাসবাদীৰ সৃষ্টি কৰিছে ৷ "

2018 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 73 সংখ্যক অধিৱেশনঃ

শ্বাহ মহম্মদ কুৰেশঃ' পাকিস্তানে ভাৰত সমৰ্থিত আক্ৰমণৰ কথা পাহৰি যোৱা নাই '
" পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশে ভাৰতৰ বিৰুদ্ধে অভিযোগ আনি কয় যে, পাকিস্তানক আক্ৰমণ কৰিবৰ বাবে ভাৰতে সন্ত্ৰাসবাদক সমৰ্থন কৰে ৷ ভাৰত সমৰ্থিত সন্ত্ৰাসবাদৰ জৰিয়তে পেছোৱাৰৰ নিৰীহ শিশু আৰু জনতাক গণ হত্যা কৰাৰ ঘটনা পাকিস্তানে কেতিয়াও পাহৰি যাব নোৱাৰে ৷ ভাৰতৰ দ্বাৰা সামঝোতা এক্সপ্ৰেছত কৰা আক্ৰমণৰ কথাও পাকিস্তানে পাহৰিব নোৱাৰে ৷ "

সুষমা স্বৰাজঃ' পাকিস্তানে হত্যাকাৰীক গুৰুত্ব দিয়ে '
" শ্বাহ মহম্মদ কুৰেশৰ অভিযোগৰ প্ৰত্যুত্তৰত সুষমা স্বৰাজে কয় যে, পাকিস্তানে ভাৰতৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ সময়ে সময়ে উত্থাপন কৰিয়ে আহিছে ৷ কিন্তু মানৱ অধিকাৰ সৰ্বাধিক উলংঘন কৰিছে সন্ত্ৰাসবাদীয়ে ৷ পাকিস্তানে সন্ত্ৰাসবাদক গুৰুত্ব দিয়ে ৷ তেওঁলোকে নিৰীহ লোকৰ তেজৰ ফাঁকুৰ সৈতে বসবাস কৰি ভাল পায় ৷ "

ABOUT THE AUTHOR

...view details