অসম

assam

ETV Bharat / bharat

আম্ফান: পশ্চিম বংগত প্ৰচণ্ড বৃষ্টিপাতৰ জোৱাৰ - পূৱ মেদিনীপুৰৰ দীঘা সাগৰীয় অঞ্চল

পশ্চিম বংগত আম্ফান ঘূৰ্ণিবতাহৰ প্ৰকোপ ৷ দক্ষিণ 24 পৰগনা জিলাৰ সাগৰ দ্বীপ, হুগলী জিলা, পূৱ মেদিনীপুৰৰ দীঘা সাগৰীয় অঞ্চলত আম্ফানৰ আশংকা ৷ সকলো লোককে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান দুৰ্যোগ ব্যৱস্থাপনা বিষয়া আৰু অসামৰিক বাহিনীৰ ৷

শ্চিম বংগত প্ৰচণ্ড বৃষ্টিপাত
শ্চিম বংগত প্ৰচণ্ড বৃষ্টিপাত

By

Published : May 20, 2020, 6:36 PM IST

নিউজ ডেস্ক, 20 মে’: ভাৰতবৰ্ষৰ পূৱ প্ৰান্তীয় উপকূল অঞ্চলসমূহত বতৰ বিজ্ঞানীয়ে সাগৰীয় ঘূৰ্ণিবতাহ আম্ফান আগমণৰ আশংকা প্ৰকাশ কৰাৰ পিছতে দেশৰ পূৱ প্ৰান্তৰ অঞ্চলসমূহত ধুমুহা আৰু প্ৰচণ্ড বৃষ্টিপাত হোৱা পৰিলক্ষিত হয় ৷

পশ্চিম বংগৰ দক্ষিণ 24 পৰগনা জিলাৰ সাগৰ দ্বীপতো বুধবাৰে ৰাতিপুৱাৰ পৰা প্ৰচণ্ড বৃষ্টিপাত আৰু ঘূৰ্ণিবতাহ হোৱা পৰিলক্ষিত হয় ৷ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত আম্ফানৰ প্ৰকোপৰ ফলত বৃষ্টিপাতে দেখা দিয়ে ৷

ইফালে পশ্চিম বংগৰ হুগলী জিলাত প্ৰচণ্ড বৰষুণৰ ফলত আম্ফানৰ আশংকা কৰা হৈছে ৷ কিয়নো জিলাখনত ঘূৰ্ণিবতাহো আৰম্ভ হৈছে ৷

শ্চিম বংগত প্ৰচণ্ড বৃষ্টিপাত

আনহাতে, ৰাজ্যখনৰ পূৱ মেদিনীপুৰৰ দীঘা সাগৰীয় অঞ্চলত বুধবাৰে ৰাতিপুৱাৰে পৰা প্ৰচণ্ড বৃষ্টিপাতে আৰু দীঘা সাগৰীয় পাৰত সাগৰীয় জোৱাৰে খলকনিৰ সৃষ্টি কৰে ৷ এই জোৱাৰৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিষয়া তথা অসামৰিক বাহিনীয়ে সকলো লোককে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক: অ'লাৰ 1,400 কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি

ABOUT THE AUTHOR

...view details