ষষ্ঠ দিনত মহাৰাষ্ট্ৰক লৈ উভয় সদনত উত্তপ্ত পৰিস্থিতি
সোমবাৰে হোৱা শুনানিত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ ‘পাৱাৰ গেম’ক লৈ ৰায়দান মঙলবাৰলৈ স্থগিত ৰাখে ৷
মহাৰাষ্ট্ৰ,25 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ‘পাৱাৰ গেম’ক লৈ উত্তাল লোকসভা ৷ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধৰী আৰু কে সুৰেশে সদন স্থগিতাদেশৰ প্ৰস্তাব আগবঢ়াই ৷ এমাহ জোৰা এখন নাটৰ অন্তত শনিবাৰে পুৱা দেবেন্দ্ৰ ফাড়নাভিছে দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় ৷ ইয়াৰ লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয় অজিত পাৱাৰে ৷ ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰ, মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰলৈ জাননী প্ৰেৰণ কৰে ৷ এই জাননীত তেওঁলোকক বিধায়কৰ সমৰ্থন আৰু যাৱতীয় নথি পত্ৰ দেখুৱাবলৈ সোমবাৰ 25 নৱেম্বৰৰ পুৱা 10 বজালৈ সময় সীমা দিছিল ৷
সোমবাৰে হোৱা শুনানিত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ ‘পাৱাৰ গেম’ক লৈ ৰায়দান মঙলবাৰলৈ স্থগিত ৰাখে ৷