নেশ্যনেল ডেস্ক, 11 মাৰ্চ : COVID-19 য়ে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত মঙলবাৰে ভাৰত চৰকাৰে কৰ'ণাভাইৰাছ প্ৰভাৱিত দেশৰ পৰা ভাৰত ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ প্ৰতিবন্ধকতা আৰোপ কৰা দেশকেইখন হৈছে ইটালী, দক্ষিণ কোৰিয়া, চীন, হংকং, জাপান, থাইলেণ্ড, ছিংগাপুৰ, ইৰান, মালয়েছিয়া, ফ্ৰান্স, স্পেইন আৰু জাৰ্মানী ৷
এই দেশসমূহৰ নাগৰিকসকলৰ লগতে 1 ফেব্ৰুৱাৰীৰ পাচত এই দেশসমূহ ভ্ৰমণ কৰা লোকসকলৰ ভিছা বাতিল কৰা হৈছে ৷
এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ে কয়, "ভাৰতত বৰ্তমানলৈকে প্ৰৱেশ নকৰা অথবা 11 মাৰ্চত আৰু ইয়াৰ পূৰ্বে ফ্ৰান্স, জাৰ্মানী আৰু স্পেইনৰ নাগৰিকক প্ৰদান কৰা ভিছা বাতিল কৰা হৈছে ৷"