অসম

assam

পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি "অনুচিত"- ৰাহুল গান্ধী

By

Published : May 6, 2020, 5:31 PM IST

চৰকাৰে মূল্য হ্ৰাস কৰাৰ সলনি মূল্য বৃদ্ধি কৰি ৰাইজক মাধমাৰ শোধাইছে বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে । লগতে এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত উঠাই ল'বলৈ দাবী জনায় ।

ৰাহুল গান্ধী
ৰাহুল গান্ধী

দিল্লী, 5 মে': দিল্লীত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিক "অনুচিত" আখ্যা দিছে ৰাহুল গান্ধীয়ে । তেওঁ কয় যে, COVID-19 সংকটৰ সময়ত সকলোৱে অৰ্থনৈতিক সংকটৰ সন্মূখীন হৈছে । এনে সময়ত চৰকাৰে মূল্য হ্ৰাস কৰাৰ সলনি মূল্য বৃদ্ধি কৰি ৰাইজক মাধমাৰ শোধাইছে । তেওঁ এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত উঠাই ল'বলৈ দাবী জনাইছে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰে আবকাৰি কৰ 10-13 শতাংশ বৃদ্ধি কৰাকলৈয়ো ৰাহুল গান্ধীয়ে পতিক্ৰিয়া প্ৰকাশ কৰে ।

উল্লেখ্য যে, দিল্লীত ডিজেলৰ মূল্য প্ৰতিলিটাৰত 7.1 টকা বৃদ্ধি পাই আৰু পেট্ৰ'লত প্ৰতিলিটাৰত 1.67 টকা বৃদ্ধি হয় । চৰকাৰে পেট্ৰ'লত 27 শতাংশৰ পৰা 30 শতাংশ আৰু ডিজেলত 16.75 শতাংশৰ পৰা 30 শতাংশলৈ মূল্য সংযোজিত কৰ (VAT)বৃদ্ধি কৰিছে । এতিয়া ৰাজধানী চহৰখনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ক্ৰমে 71.26 টকা আৰু 69.59 টকা ।

ABOUT THE AUTHOR

...view details