অসম

assam

ETV Bharat / bharat

অৰ্থনৈতিক পেকেজ সম্পৰ্কে মন্ত্ৰী গোটৰ বৈঠক

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, গ্ৰাম্যোন্নয়ণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণীৰ লগতে আন মন্ত্ৰী সকল উপস্থিত থাকে । এই সভা 12 বজাত অনুষ্ঠিত হয় ।

অৰ্থনৈতিক পেকেজ সম্পৰ্কে মন্ত্ৰী গোটৰ বৈঠক
অৰ্থনৈতিক পেকেজ সম্পৰ্কে মন্ত্ৰী গোটৰ বৈঠক

By

Published : May 18, 2020, 1:55 PM IST

নিউজ ডেস্ক, 18 মে': প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা 20 লাখ কোটি টকাৰ বিশেষ সাহায্য পুঁজি সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত সোমবাৰে দিনৰ 12 বজাত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।

এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, গ্ৰাম্যোন্নয়ণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণীৰ লগতে আন মন্ত্ৰী সকল ।

বিগত ৫ দিন ধৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৰ্ণনা কৰা সৰ্বমুঠ 20 লাখ কোটি টকা বিশেষ বিত্তীয় পেকেজৰ পৰ্যালোচনা কৰা হয় এই বৈঠকত ।

উল্লেখ্য যে, MSME খণ্ডত এই পেকেজৰ ব্যাপক প্ৰয়োজনীয়তা থকাৰ লগতে কৃষি খণ্ড, কয়লা থণ্ড, খনিজ, ইত্যাদি বিভিন্ন ক্ষেত্ৰ পুনৰোদ্ধাৰৰ বাবে প্ৰয়োজন হ'ব ।

এই পেকেজে অৰ্থনীতি উদ্ধাৰত কি দৰে সহায় কৰিব সেই সম্পৰ্কেও আলোচনা কৰা হয় বৈঠকত ।

ABOUT THE AUTHOR

...view details