নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী: মাংগালুৰুত ডুবাইৰ পৰা অহা যাত্ৰীৰ পৰা জব্দ কৰা হৈছে ৬৭ লাখ টকা মূল্যৰ সোণ । বুধবাৰে সংবাদ বিবৃত্তিযোগে এই কথা প্ৰকাশ কৰে ডাইৰেক্ট'ৰেট অৱ ৰেভিনিউ ইণ্টেলিজেন্সে । বিভাগীয় বিষয়াই মঙলবাৰে মাংগালুৰু বিমানবন্দৰত ডুবাইৰ পৰা দুগৰাকী যাত্ৰীৰ পৰা সোণখিনি জব্দ কৰিছিল । এগৰাকী যাত্ৰীৰ ঘৰ কৰ্ণাটকৰ ভটকালত আৰু এই যাত্ৰীগৰাকীয়ে সোণৰ প্ৰলেপ থকা ৫টা বল আঠাযুক্ত টেপৰ জৰিয়তে নিজৰ শৰীৰত বান্ধি লুকুৱাই আনিছিল ।
মাংগালুৰু বিমানবন্দৰত ৬৭ লাখ টকা মূল্যৰ সোণ জব্দ
মাংগালুৰু বিমানবন্দৰত ডুবাইৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা সোণ জব্দ । দুগৰাকী যাত্ৰীৰ পৰা জব্দ কৰা হয় সোণখিনি । জব্দকৃত সোণখিনিৰ মূল্য ৬৭ লাখ টকা ।
বলকেইটাৰ ওজন আছিল ৬৪১.৪১ গ্ৰাম । আনগৰাকী যাত্ৰীয়ে পেষ্টৰ ৰূপত থকা ৬৪৬.৬৭ গ্ৰাম সোণ এটা সৰু মোনাত ভৰাই অন্তৰ্বাসত লুকুৱাই আনিছিল । এই যাত্ৰীজনৰ ঘৰ কেৰালাৰ কাছাৰাগড়াত । মূল্যৱান সোণখিনিৰ বজাৰ মূল্য ৬৭ লাখ টকা । দুয়োগৰাকী যাত্ৰীৰে ডুবাইৰ সোণ সৰবৰাহকাৰী চক্ৰৰে সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে । লকডাউনৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ আৰম্ভ হোৱাৰ পিছতে অবৈধভাৱে সোণৰ সৰবৰাহ বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে সংশ্লিষ্ট বিষয়াসকলে ।
লগতে পঢ়ক:ভাৰতত কৰ'ণাৰ নতুন ষ্ট্ৰেইনৰ লক্ষণযুক্ত 71 লোক চিনাক্ত