নিউজ ডেস্ক, ১২ জুলাই : গোৱাত অস্তিত্বৰ সংকটতত ভুগিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল । এজনৰ পাছত এজনকৈ এতিয়া সকলো আঁতৰিছে দলটোৰ পৰা । বৃহস্পতিবাৰে দলটোৰ পৰা আঁতৰি গেৰুৱা দলত অন্তৰ্ভুক্ত হয় কংগ্ৰেছৰ ১০ জনকৈ বিদ্ৰোহী বিধায়ক । তাৰ পাছতেই উপকূলীয় ৰাজ্যখনত এতিয়া আৰম্ভ হৈছে দলটোৰ মাজত তীব্ৰ অস্তিত্বৰ সংকট । বিধায়ক কেইজনৰ আগমনে ৪০ খন আসনৰ গোৱা বিধানসভাত গেৰুৱা দলটোৰ শক্তি ২৭ খন আসনলৈ বৃদ্ধি কৰে । বিৰোধী দলপতি চন্দ্ৰকান্ত কাভেলকাৰৰ নেতৃত্বত যোগদান কৰা দলটোত আছে জেনিফাৰ মনচট্ৰেত, ফ্ৰাঞ্চিছ ছিলভেৰিয়াৰ উপৰিও আন কেইবাজনো বিসম্বাদী বিধায়ক ।
গোৱাত সংকটত কংগ্ৰেছ: দহ বিধায়কৰ বিজেপিত যোগদান - Amit Saah
বৃহস্পতিবাৰে নাটকৰ যৱনিকা পেলাই বিৰোধী দলপতিৰ নেতৃত্বত অনুষ্ঠানিকভাৱে গেৰুৱা দলত যোগদান কৰিলে দহ বিদ্ৰোহী বিধায়কে । দিল্লীৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নন্দাৰ উপস্থিতিত কৰে যোগদান ।
২০১৭ ৰ বিধানসভা নিৰ্বাচনত অকলশৰে সংখ্যাগৰিষ্ঠতা লাভ কৰা কংগ্ৰেছ দলৰ অস্তিত্ব এতিয়া কেৱল ৫ খন আসনত সীমাবদ্ধ হোৱাত সুখী গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত । দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি উভতাৰ সময়ত সাংবাদিকৰে হোৱা মুখামুখিত তেওঁ কয় যে বিধায়ক কেইজনে বিজেপিলৈ আহিবলৈ নিজে আগ্ৰহ দেখুৱাইছিল তাত কোনো ধৰণৰ ষড়যন্ত্ৰৰ কথা নাহে । নতুনকৈ অহা বিধায়কক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু দলীয় সভাপতিৰে আলোচনাৰ পাছত অমিত শ্বাহে ল’ব বুলি ইতিমধ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে । ইফালে সদ্য নিলম্বিত উপ মুখ্যমন্ত্ৰী বিজয় ছাৰদেশাইয়ে বিয়লি এক সংবাদমেল যোগে নিজৰ ক্ষোভ ব্যক্ত কৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰক স্মৰণ কৰি কয় যে এনে এক সময়ত তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ হৈছে । ১০ জনকৈ বিধায়কৰ বিজেপি গমনে কংগ্ৰেছৰ ভিতৰ চ’ৰাত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টিৰ, ক্ষোভিত হৈ পৰিছে দলটোৰ তৃণমূল কৰ্মী । আকৌ বিধায়ক কেইজনৰ গেৰুৱা দলৰ গমনক লৈ সামাজিক মাধ্যমত আৰম্ভ হৈছে ব্যাপক ট্ৰল ।