অসম

assam

ETV Bharat / bharat

কৰ'ণাৰ সংক্ৰমণঃ বিশ্বৰ স্থিতি - Global COVID-19 tracker latest update etv bharat news

সমগ্ৰ বিশ্বজুৰি জুইৰ দৰে বিয়পিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ ইতিমধ্যে 21 হাজাৰৰো অধিক লোক কৰ'ণাৰ সংক্ৰমণত মৃত্যুমুখত পৰিছে ৷ ইটালীত এতিয়ালৈকে সৰ্বাধিক 7503 জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷

কৰ'ণাৰ সংক্ৰমণঃ বিশ্বৰ স্থিতি
কৰ'ণাৰ সংক্ৰমণঃ বিশ্বৰ স্থিতি

By

Published : Mar 26, 2020, 9:43 AM IST

নিউজ ডেস্ক, 26 মাৰ্চঃ কৰ'ণাৰ সংক্ৰমণে চানি ধৰিছে বিশ্ব ৷ শেহতীয়া বাতৰি পৰলৈ 4,68,905 জন লোক বিশ্বজুৰি কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে নিহত হৈছে 21,200 জন ব্যক্তি ৷ অৱশ্যে ভাল খবৰ এয়ে যে, এই ভাইৰাছত আক্ৰান্ত 1,14,000 জন লোক সুস্থ অৱস্থালৈ উভতি আহিছে ৷ ইয়াৰে অধিকাংশই হৈছে চীনৰ ৷ এই ভাইৰাছত আক্ৰান্ত লোকসকলৰ ভিতৰত অধিক সংখ্যক লোকৰ শৰীৰত সাধাৰণ আৰু মধ্যমীয়া স্তৰৰ সংক্ৰমণ পৰিলক্ষিত হোৱাৰ বিপৰীতে জেষ্ঠ নাগৰিকসকলৰ শৰীৰত গভীৰ প্ৰভাৱ পৰিছে ৷ ইটালীত যোৱা দুসপ্তাহ ধৰি চলা লক ডাউনৰ সময়ছোৱাত পুনৰ 683 জন লোক নিহত হোৱাৰ বাতৰি অহাৰ বিপৰীতে 5210 জন লোক আক্ৰান্ত হৈছে ৷

ইটালীত এতিয়ালৈকে সৰ্বাধিক 7503 জন লোকৰ মৃত্যু

স্পেইনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাই চীনক অতিক্ৰমি 3,434 চুইছেগৈ ৷ যোৱা 24 ঘন্টাত স্পেইনত নিহতৰ সংখ্যা হৈছে 738 জন ৷

লগতে চাওকঃ লোকপিয়ল আৰু NPR উন্নীতকৰণৰ প্ৰথম পৰ্যায়ৰ কাম স্থগিত

ABOUT THE AUTHOR

...view details