অসম

assam

By

Published : Dec 24, 2019, 2:08 PM IST

ETV Bharat / bharat

গাজিয়াবাদত প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ হৈছে তিনিটাকৈ পথ

গাজিয়াবাদ হৈছে উত্তৰ প্ৰদেশৰ প্ৰথমখন জিলা,য'ত তিনিটা পথ একক ব্যৱহৃত প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ৷ ব্যৱসায়ীসকলে একক ব্যৱহৃত প্লাষ্টিক পৌৰ নিগম আৰু জিলা প্ৰশাসনক যোগান ধৰে ৷ চহৰখনৰ চাৰিজন জাৱৰ সংগ্ৰহকাৰীয়ে বৰ্তমানলৈকে জিলা প্ৰশাসনক যোগান ধৰিছে প্ৰায় এক টন বৰ্জিত প্লাষ্টিক ৷ গাজিয়াবাদ পৌৰ নিগমে এমাহৰ ভিতৰত নিৰ্মাণ কৰিছে তিনিটাকৈ পথ ৷

Ghajiabad plastic waste management
গাজিয়াবাদত প্লাষ্টিকৰ দ্বাৰা পথ নিৰ্মাণ

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰঃএকক ব্যৱহৃত প্লাষ্টিকৰ সজাগতাৰ ক্ষেত্ৰত বহু সময়ত সাক্ষী হৈ ৰৈছে গাজিয়াবাদ ৷ যাক কোৱা হয় ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লীৰ হৃদপিণ্ড ৷ দীৰ্ঘ সময়ৰ পৰাই একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে সমদল আৰু প্ৰচাৰ চলাই আহিছে ৷ গাজিয়াবাদ হৈছে উত্তৰ প্ৰদেশৰ প্ৰথমখন জিলা,য'ত তিনিটা পথ একক ব্যৱহৃত প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ৷ গাজিয়াবাদ পৌৰ নিগমৰ পৌৰপতি আশা শৰ্মাই কয় যে,"বাহিৰৰ দেশত প্লাষ্টিকৰ দ্বাৰা পথ নিৰ্মাণ কৰা দেখি আমি অনুপ্ৰাণিত হৈছিলো ৷ গাজিয়াবাদক প্লাষ্টিক মুক্ত কৰাৰ বাবে পোন প্ৰথমে আমি পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷ বৰ্তমান আমি বৰ্জিত একক ব্যৱহৃত প্লষ্টিকবোৰ সংগ্ৰহ কৰিছো যাতে এইবোৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি ৷ আমি এইদৰে প্লাষ্টিক ব্যৱহাৰ কৰা দেখি, আন ৰাজ্যসমূহেও এই ক্ষেত্ৰত আগ্ৰহ দেখুৱাইছে" ৷

গাজিয়াবাদত প্লাষ্টিকৰ দ্বাৰা পথ নিৰ্মাণ

গাজিয়াবাদ জিলা প্ৰশাসন আৰু পৌৰ নিগমে অব্যাহত ৰখা এই সজাগতামূলক পদক্ষেপৰ প্ৰতি সঁহাৰি জনায় ব্যৱসায়ীসকলে একক ব্যৱহৃত প্লাষ্টিক পৌৰ নিগম আৰু জিলা প্ৰশাসনক যোগান ধৰে ৷ চহৰখনৰ চাৰিজন জাৱৰ সংগ্ৰহকাৰীয়ে বৰ্তমানলৈকে জিলা প্ৰশাসনক যোগান ধৰিছে প্ৰায় এক টন বৰ্জিত প্লাষ্টিক ৷ গাজিয়াবাদ পৌৰ নিগমে এমাহৰ ভিতৰত তিনিটাকৈ পথ নিৰ্মাণ কৰিছে ৷ গাজিয়াবাদ জিলা প্ৰশাসনৰ উপ প্ৰৱন্ধক অজয় শংকৰ পাণ্ডেয়ে কয় যে,"আমি আমাৰ কৰ্মীসকলৰ জৰিয়তে সমগ্ৰ চহৰখনৰ পৰা পলিথিন সংগ্ৰহ কৰো ৷ সমান্তৰালভাৱে আমি সৰ্বসাধাৰণক অনুৰোধ জনাও যাতে প্লাষ্টিকৰ ভয়াৱহতা অনুধাৱন কৰি তেওঁলোকে ইয়াক ব্যৱহাৰৰ পৰা বিৰত থাকে ৷ প্ৰায় সাতটাকৈ স্ক্ৰাপ ডিলাৰে আমাৰ লগত যোগাযোগ কৰি প্লাষ্টিক সংগ্ৰহ কৰি বিভাগীয় কৰ্তৃপক্ষক জমা দিব বুলি জনাইছে ৷ এইটো এটা ভাল লক্ষণ আৰু ই আমি আমাৰ লক্ষ্যৰ দিশে গতি কৰাৰ কথা সূচাইছে "৷

গাজিয়াবাদ পৌৰ নিগমে একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এটা বিশাল সমদল আয়োজন কৰিব ৷ পৌৰ নিগমে এটা কোষ স্থাপন কৰি তাত ষ্টিলৰ বাচন জমা ৰাখিছে ৷ সাধাৰণ লোক সকলে উৎসৱ-পাৰ্বনত প্ৰয়োজন অনুসাৰে তাৰ পৰা বাচন সংগ্ৰহ কৰে ৷

লগতে চাওকঃচৰকাৰৰ প্ৰস্তাৱিত মেডিকেল কলেজক লৈ চতিয়াত ৰাজহুৱা সভা

ABOUT THE AUTHOR

...view details