নেশ্বনেল ডেস্ক, 30 ডিচেম্বৰঃ ভাৰবৰ্ষৰ প্ৰথম চীফ অফ ডিফেঞ্চ ষ্টাফ (চিডিএছ) হিচাপে নিৰ্বাচিত সেনা বাহিনীৰ সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱাট ৷ চৰকাৰৰ এক নিৰ্দেশ মৰ্মে তিনি বছৰ কাৰ্যকালৰ বাবে ৰাৱাটক চিডিএছ হিচাপে নিৰ্বাচন কৰা হয় বুলি জানিব পৰা গৈছে ৷
ভাৰবৰ্ষৰ প্ৰথম চীফ অফ ডিফেঞ্চ জেনেৰেল বিপিন ৰাৱাট - Bipin Rawat
জেনেৰেল বিপিন ৰাৱাটক 1978 চনৰ ডিচেম্বৰ মাহত সেনা বাহিনীত নিযুক্তি দিয়া হৈছিল ৷ আনহাতে, 24 ডিচেম্বৰত কেবিনেট কমিটী অন ছিকিউৰিটিয়ে চিডিএছ পদৰ বাবে বিপিন ৰাৱাটক নিযুক্তি দিয়ে ৷
ভাৰবৰ্ষৰ প্ৰথম চীফ অফ ডিফেঞ্চ জেনেৰেল বিপিন ৰাৱাট