হাইদৰাবাদ, 26 নৱেম্বৰ:শুকুৰবাৰে প্ৰকাশ কৰা হ'ব ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ দ্বিতীয় তিনিমাহৰ তথ্য ৷চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত 23.9 শতাংশ ৰেকৰ্ড সংকুচন প্ৰত্যক্ষ কৰাৰ পাছত 2020 ৰ চেপ্তেম্বৰত সমাপ্তি হোৱা দ্বিতীয় তিনিমাহত এই পৰিমাণ কিছু পৰিমাণে উন্নত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে বিশেষজ্ঞ সকলে বিকাশৰ হাৰ এতিয়াও নেতিবাচক গভীৰতাতে থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে ৷
যিহেতু কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় তিনিমাহৰ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ তথ্য শুকুৰবাৰে প্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলাইছে,বিভিন্ন হিচাপ অনুসৰি এই তিনিমাহত অৰ্থনীতিৰ 8-11 শতাংশ সংকুচন হোৱাৰ সম্ভাৱনা আছে ৷