ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পিতৃ মহাত্মা গান্ধী এগৰাকী ভাল ডায়েটিছিয়ান হিচাপেও জনাজাত আছিল৷ ইয়াত কোনো সন্দেহ নাই যে সত্যাগ্ৰহ আন্দোলনত তেখেতৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই যথেষ্ট অৰিহণা যোগাইছিল ৷ কেইবা কিলোমিটাৰ খোজ কাঢ়িবলৈ যথেষ্ট স্থিতিস্থাপকতা আৰু ফিটনেচৰ প্ৰয়োজন ৷ তেখেতৰ খাদ্যভ্যাসে তেখেতৰ আকাংক্ষাসমূহক ধৰি ৰাখি তেখেতৰ দৃষ্টিভংগীৰ পথ প্ৰশস্ত কৰিছিল ৷
1942 চনৰ পৰা 1944 চনলৈ গান্ধীজীয়ে পুনৰবাৰ আগা খান প্ৰসাদত আৱদ্ধ থকা সময়তেই সুশীলা নায়াৰে তেখেতৰ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শসমূহক সংকলিত কৰি ইংৰাজীলৈ অনুবাদ কৰিছিল ৷ গান্ধীজীয়ে সদায় আমাৰ প্ৰাচীন শাস্ত্ৰ সমূহক প্ৰসংশা কৰিছিল ৷ কাৰণ স্বাস্থ্যকৰ জীৱন যাপনৰ বাবে মানুহক শিক্ষিত কৰাৰ ক্ষেত্ৰত শাস্ত্ৰ সমূহৰ যথেষ্ট অৱদান আছে ৷ গান্ধীজীয়ে এজন সাধুৰ জীৱন যাপন কৰি ব্ৰহ্মচৰ্য ব্ৰতৰ পালন কৰিছিল, যিয়ে ডায়েট নিয়ন্ত্ৰণৰ জৰিয়তে ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণৰ ওপৰত জোৰ দিয়ে ৷