অসম

assam

ETV Bharat / bharat

মেঘালয়ৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৩ জনলৈ বৃদ্ধি - হিংসাত্মক সংঘৰ্ষ

কা বিৰোধী আন্দোলনত উত্তাল অসমৰ সীমান্ত বৰ্তি ৰাজ্য মেঘালয় ৷ পূৱ খাছী পাহাৰ জিলাত জনজাতি আৰু অজনজাতি লোকৰ মাজত চলা হিংসাত্মক সংঘৰ্ষত মৃত্যু 3 জনকৈ লোকৰ ৷ ৰাজ্যখনৰ 6 খন জিলাত ইণ্টাৰনেট, ম’বাইল SMS সেৱা বন্ধ কৰি ৰখাৰ লগতে স্পৰ্শকাতৰ অঞ্চলত সান্ধ্য আইন জাৰি ৷

মেঘালয়ত কা বিৰোধী আন্দোলনত মৃতকৰ সংখ্যা 3 জনলৈ বৃদ্ধি
মেঘালয়ত কা বিৰোধী আন্দোলনত মৃতকৰ সংখ্যা 3 জনলৈ বৃদ্ধি

By

Published : Mar 1, 2020, 8:26 PM IST

Updated : Mar 1, 2020, 10:11 PM IST

নিউজ ডেস্ক, 1 মাৰ্চ: মেঘালয়ত নাগিৰকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক কেন্দ্ৰ কৰি পূব খাছী পাহাৰ জিলাত জনজাতি আৰু অজনজাতি লোকৰ মাজত চলা হিংসাত্মক সংঘৰ্ষত মৃত্যু হোৱাৰ সংখ্যা 3 জনলৈ বৃদ্ধি হৈছে ৷ আন এক হিংসাত্মক ঘটনাত অচিনাক্ত দুৰ্বৃত্তই শ্বিলঙৰ মপ্ৰে্ম অঞ্চলত আদিত্য কুমাৰ নামৰ এজন 28 বছৰীয়া যুৱকক আক্ৰমণ কৰি আহত কৰে। ইয়াৰ উপৰিও মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰিয়াং নামৰ ঠাইডোখৰত গাড়ীলৈ শিল দলিওৱা ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

মেঘালয়ত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি ৰখাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

দেওবাৰে পুৱা শীলাত পিৰকেন গাঁৱৰ উপাশ উদ্দিন নামৰ এজন যুৱকজনক দেওবাৰে পুৱতি নিশা অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় ৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ৷ পিচত সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে উপাশ উদ্দিনক ৷

সোমবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ বহু কেইটা অঞ্চলত জনজাতি আৰু অজনজাতি লোকৰ মাজত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল ৷ য’ত মৃত্যুবৰণ হৈছিল কেএছইউৰ ছাত্ৰ নেতাৰ ৷ খাছী ছাত্ৰ সন্থাৰ নেতা এজনৰ মৃত্যু ঘটনাৰ পাচতেই নেশ্যনেল পিপলছ পাৰ্টী (NPP) নেতৃত্বাধীন চৰকাৰখনে মুঠ 6 খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ লগতে ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলত সান্ধ্য আইন জাৰি কৰিছিল ৷

আনহাতে,শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকাকৈ অনুদান আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে হিংসাত্মক ঘটনা সন্দৰ্ভত চৰকাৰে দণ্ডাধীশক পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, মেঘালয় চৰকাৰে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি সন্মুখীন হ'লে জনসাধাৰণৰ সহায়ৰ বাবে 18003453846 নম্বৰৰ এটা ট'ল ফ্ৰী নম্বৰ মুকলি কৰিছে ৷

শনিবাৰে পুৱা মেঘালয় মুখ্যমন্ত্ৰী ক'নৰাড কে চাংমাই শীৰ্ষ আৰক্ষী বিষয়া আৰু প্ৰশাসনিক বিষয়াৰ সৈতে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয় আৰু ৰাজ্যৰ জনসাধাৰণক সাম্প্ৰদায়িক সদ্ভাৱ বাহাল ৰাখিবৰ আহ্বান জনাই ৷ আনহাতে মেঘালয় আৰক্ষীয়েও সকলোকে সংঘৰ্ষ পৰিহাৰ কৰি একতা বজাই ৰাখিবলৈ আহ্বান জনায় ৷

Last Updated : Mar 1, 2020, 10:11 PM IST

ABOUT THE AUTHOR

...view details