নিউজ ডেস্ক, 17 এপ্ৰিলঃ দেশত চলি থকা লক ডাউন সময়চোৱত কেন্দ্ৰীয় চৰকাৰে কিছু কিছু ক্ষেত্ৰক লকডাউনৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই অনুসৰি গ্ৰাম্যাঞ্চলত নিৰ্মাণ কাৰ্য, কৃষি,পানী যোগান,অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান আদিৰ ক্ষেত্ৰসমূহত শিথিল হ'ব লক ডাউন । শুকুৰবাৰে এই কথা ঘোষণা কৰে ভাৰতৰ গৃহ সচিব অজয় ভাল্লাই ।
লক ডাউনত ৰেহাই,গ্ৰাম্যঞ্চলত চলাব পাৰিব নিৰ্মাণ কাৰ্য - লক ডাউন 2.0 শিথিল
কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই শুকুৰবাৰে ঘোষণা কৰে যে, কিছু কিছু ক্ষেত্ৰত শিথিল কৰা হ'ব লক ডাউন । বিশেষকৈ গ্ৰাম্যাঞ্চলত নিৰ্মাণ কাৰ্য,কৃষি,পানী যোগান,অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান আদিৰ ক্ষেত্ৰত লক ডাউন 2.0 শিথিল কৰা হ'ব ।
লক ডাউনত ৰেহাই, গ্ৰাম্যঞ্চলত চলাব পাৰিব নিৰ্মাণ কাৰ্য
উল্লেখ্য যে,সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ভাৰতত 25 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ লক ডাউন ঘোষণা কৰিছিল । কিন্তু এই মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাত প্ৰধান মন্ত্ৰী মোডীয়ে লক ডাউনৰ সময়সীমা 3 মে'লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল ।
লগতে পঢ়কঃCOVID-19ৰ বিৰুদ্ধে যুঁজিবৰ বাবে মোডী চৰকাৰে কোনো ক্ৰুটি ৰখা নাই : অমিত শ্বাহ