অসম

assam

COVID-19 আতংক বনাম চাইবাৰ সন্ত্ৰাস : প্ৰৱঞ্চনাৰ বলি গ্ৰাহক

By

Published : Apr 13, 2020, 11:41 PM IST

দেশত চাইবাৰ ক্ৰাইম ৷ হাইদৰাবাদত এজনে হেৰুৱালে 90,000 টকা ৷

প্ৰৱঞ্চনাৰ বলি গ্ৰাহক
দেশত চাইবাৰ ক্ৰাইম

নেশ্য়নেল ডেস্ক, 13 এপ্ৰিল : RBI আৰু বেংকসমূহে লোণ পৰিশোধ, ঋণ স্থগিতাকৰণ সম্পৰ্কত সঘনে জাননী প্ৰদান কৰি থকাৰ সুযোগ গ্ৰহণ কৰি চাইবাৰ ক্ৰাইম সংঘটিত কৰিছে এক দুষ্ট পক্ষই ৷ অনলাইন লেন-দেনৰ সময়ত লাভ কৰা One Time Password (OTP) ৰ জৰিয়তে দুষ্টচক্ৰই প্ৰৱঞ্চিত কৰিছে বেংকৰ গ্ৰাহকক ৷

তথ্য় অনুসৰি, বেংক আৰু অন্যান্য বিত্তীয় সংস্থাৰ কৰ্মচাৰী বুলি দাবী কৰি দুষ্টচক্ৰই ফোন কৰি আহিছে গ্ৰাহকক ৷ ইয়াৰ জৰিয়তে গ্ৰাহকৰ লোণ পৰিশোধ, ঋণৰ বিভিন্ন আঁচনি, ডেবিট কাৰ্ডৰ নম্বৰ, একাউন্টৰ তথ্য, পাচৱৰ্ড, CVV আৰু OTP সংগ্ৰহ কৰিছে চক্ৰটোৱে ৷

কৰ'ণা ভাইৰাছৰ ফলত বিভিন্ন বেংকৰ গুৰুত্বপূৰ্ণ কামসমূহ স্থগিত হৈ পৰাত এনে দুষ্ট চক্ৰৰ কথাত ভুল নাযাবলৈ বেংকসমূহে গ্ৰাহকক অৱগত কৰি আহিছে ৷

তথ্য অনুসৰি, অন্ধ্ৰ বেংকৰ এজন গ্ৰাহকে এনেদৰেই প্ৰৱঞ্চনাৰ সন্মুখীন হ'বলগা হয় ৷ হাইদৰাবাদৰ বানজাৰা হিলছ নিবাসী এজন লোকে এনেদৰে UPI নম্বৰ চাইবাৰ অপৰাধীক প্ৰদান কৰি হেৰুৱাব লগা হয় 90,000 টকা ৷

বেংক গ্ৰাহকসকলক চ'ছিয়েল মিডিয়া, ই-মেইল, ফোন আৰু মেছেজৰ জৰিয়তে এই দুষ্টচক্ৰই প্ৰৱঞ্চনা কৰি আহিছে ৷

ABOUT THE AUTHOR

...view details