নিউজ ডেস্ক, ৭ মাৰ্চ : ফ্ৰান্সৰ মহাকাশ সন্থা চি এন ই এছ আৰু ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোৰ মাজত বুধবাৰে স্বাক্ষৰিত হয়মেৰিনটাইম চাৰ্ভিলেন্স চুক্তি। ভাৰত মহাসাগৰত চলিত জাহাজসমূহৰ পৰিচয় আৰু সন্ধানউলিওৱাৰ বাবে চি এন ই এছ আৰু ইছৰোৱে মিলিত হৈছে এই চুক্তিত।
ভাৰত-ফ্ৰান্সৰ মাজত স্বাক্ষৰিত মেৰিনটাইম চাৰ্ভিলেন্স চুক্তি - ইটিভি ভাৰত
ফ্ৰান্সৰ মহাকাশ সন্থা চি এন ই এছ আৰু ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোৰ মাজত স্বাক্ষৰিত মেৰিনটাইম চাৰ্ভিলেন্স চুক্তি। এই চুক্তিৰ দ্বাৰা ভাৰত মহাসাগৰৰ বুকুত চলাচল কৰা প্ৰত্যেকখন জাহাজৰ স্থিতি নিৰ্ধাৰণ কৰিবলৈ ভাৰতৰ স্থাপন কৰা হ'ব চাৰ্ভিলেন্স অৰ্থাৎ নিৰীক্ষণ কেন্দ্ৰ। মে' মাহত মুকলি কৰা হ'ব এই চাৰ্ভিলেন্স চেণ্টাৰটো।
চি এন ই এছৰ অধ্যক্ষ জিন আইভেচ লেগাল আৰু ইছৰোৰ অধ্যক্ষ কে.চিভানৰ মাজত বুধবাৰে বাংগালুৰুত স্বাক্ষৰিত হয় এই চুক্তি। এই চুক্তিৰ দ্বাৰা ভাৰত মহাসাগৰৰ বুকুত চলাচল কৰা প্ৰত্যেকখন জাহাজৰ স্থিতি নিৰ্ধাৰণ কৰিবলৈ ভাৰতৰ স্থাপন কৰা হ'ব চাৰ্ভিলেন্স অৰ্থাৎ নিৰীক্ষণ কেন্দ্ৰ। মে' মাহত মুকলি কৰা হ'ব এই চাৰ্ভিলেন্স চেণ্টাৰটো। দুয়োখন দেশে যুটীয়াভাৱে মহাকাশৰ পৰা উপগ্ৰহৰ দ্বাৰা প্ৰেৰণ কৰা চিত্ৰৰ সহায়ত লাভ কৰিব ভাৰত মহাসাগৰত জাহাৰৰ উপস্থিতিৰ তথ্য। এই সন্দৰ্ভত আগন্তুক মাহৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ইছৰোৰ বিভিন্নজন বৈজ্ঞানিকক।