নিউজ ডেস্ক, 16 মাৰ্চঃ বিশ্বব্যাপী কৰ'ণা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে 53 জন ভাৰতীয়ৰ চতুৰ্থটো দল তেহৰাণ আৰু ছিৰাজৰ পৰা ভাৰতলৈ উভতি আহিছে ৷ সোমবাৰে এই কথা প্ৰকাশ কৰে ভাৰতীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৷ এই 53 জন ভাৰতীয়ৰ ভিতৰত 52 জন শিক্ষাৰ্থী আৰু এজন শিক্ষক ৷ ইতিমধ্যে মুঠ 389 জন ভাৰতীয় ইৰাণৰ পৰা ভাৰতলৈ ঘূৰি আহিছে ৷ এই কথা তেওঁ টুইটযোগে জানিবলৈ দিয়ে ৷
কিছুদিন পূৰ্বে ভাৰতে ইৰাণৰ পৰা বহুতো ভাৰতীয়ক অপসাৰণ কৰিছে ৷ ইয়াৰোপৰি মঙলবাৰে 58 জন ভাৰতীয়ৰ দ্বাৰা গঠিত প্ৰথমটো দল C-17 সৈন্য পৰিবহন বিমানযোগে ভাৰতলৈ আহে ৷ কিয়নো শুকুৰবাৰে 44 টা পৃথকে পৃথকে অপসাৰণৰ ঘটনা পোৱা গৈছে ৷