ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু পাকিস্তান পিপলছ পাৰ্টীৰ সহকাৰী অধ্যক্ষ আছিফ আলী জৰ্দাৰীক দেওবাৰে হাস্পতালত ভৰ্তি কৰোৱা হয় । পাকিস্তান পিপলছ পাৰ্টীয়ে প্ৰকাশ কৰিছে যে, চিকিৎসকে বৰ্তমান তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি আছে । 'দ্য ডন'ত প্ৰকাশিত হোৱা এই বাতৰি অনুসৰি, জৰ্দাৰী কাৰাচীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে । নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰ'ই ৰুজু কৰা দুৰ্নীতিৰ গোচৰৰ অভিযুক্ত আছিল আছিফ আলী জৰ্দাৰী ।
চিকিৎসাজনিত কাৰণত 2019ত ইছলামাবাদ উচ্চ ন্যায়ালয়ে জৰ্দাৰীৰ জামিন মঞ্জুৰ কৰিছিল । জৰ্দাৰীৰ জামিন আবেদনৰ শুনানিৰ সময়ত তেওঁৰ অধিবক্তা ফাৰুক এইচ নায়েকে আদালতত কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী দীৰ্ঘদিন ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছে । চলিত বৰ্ষৰ 30 জুনত ইছলামাবাদৰ একাউণ্টেবিলিটি আদালতে ত'ছাখানা উপহাৰ গোচৰত আছিফ আলী জৰ্দাৰীলৈ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু ইউছুফ ৰ'জা গিলানীও এই গোচৰত অভিযুক্ত ।