অসম

assam

ETV Bharat / bharat

নিৰ্যাতনৰ সন্মুখীন প্ৰাক্তন মিছ ইউনিভাৰ্চ ইণ্ডিয়া উষসী - কলকাতা

নিশা কলকাতাত শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ’ল প্ৰাক্তন মিছ ইউনিভাৰ্চ ইণ্ডিয়া খিতাপ জয়ী উষসী সেনগুপ্তা ৷ হিন্দী আৰু দক্ষিণৰ ছবিজগতত অভিনয় কৰিছে উষসীয়ে ৷

শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন প্ৰাক্তন মিছ ইউনিভাৰ্চ ইণ্ডিয়া উষসী

By

Published : Jun 19, 2019, 9:44 AM IST

Updated : Jun 19, 2019, 1:04 PM IST

নিউজ ডেস্ক, 19 জুনঃকলকাতাত নিৰ্যাতনৰ বলি প্ৰাক্তন মিছ ইউনিভাৰ্চ ইণ্ডিয়া খিতাপ লাভ কৰা উষসী সেনগুপ্তা । সোমবাৰে কলকাতাৰ পঞ্চতাৰকা হোটলৰ পৰা বন্ধুৰ সৈতে ওলাই অহাৰ সময়তে এখন মটৰ চাইকেলত খুন্দা মাৰিছিল উষসীৰ বাহনখনে । সেইমূহুৰ্তত ঘটনাস্থলীত উপস্থিত আছিল ১৫জনীয়া এটা যুৱকৰ দল । যুৱকৰ দলটোৱে মিছ ইউনিভাৰ্চৰ বাহনখনৰ চালকক বাহিৰলৈ উলিয়াই আনি মাৰধৰ আৰম্ভ কৰে । এই ঘটনাৰ পাছতে অসহায় উষসীয়ে সমগ্ৰ ঘটনা মোবাইলত বন্দী কৰি সহায় বিচাৰি চিঞৰিবলৈ আৰম্ভ কৰে । কিন্তু কোনো এজন লোকে তেঁওলোকৰ সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল বাবে ঘটনাস্থলীৰে কাষত থকা ময়দান থানাত উপস্থিত হয় উষসী । অৱশ্যে ময়দান পুলিছে এই ঘটনা প্ৰথমে ভৱানীপুৰ থানাৰ অন্তৰ্গত বুলি কোনো গুৰুত্ব দিয়া নাছিল, যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকৰ দলটোক সেইস্থানৰ পৰা আঁতৰাই পঠিয়াই ।

শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন প্ৰাক্তন মিছ ইউনিভাৰ্চ ইণ্ডিয়া উষসী


ইয়াৰ পাছতে,বন্ধুসকলক লেক গাৰ্ডেনত থবলৈ যায় উষসী । লেক গাৰ্ডেনত উষসী উপস্থিত হৈয়ে 6 জনীয়া এটা যুৱকৰ দলক প্ৰত্যক্ষ কৰে । বাইকত অহা যুৱকৰ দলটোৱে উষসীৰ বাহনলৈ নিক্ষেপ কৰে শিলগুটি । দলটোৱে উষসীক বাহনৰ পৰা নমাই আনি তেওঁৰ ম’বাইল কাঢ়ি লোৱাৰ চেষ্টা চলায় আৰু সকলো ফটো ডিলিট কৰিবলৈ কয় । আতংকিত হৈ সেইসময়ত উষসী আৰু তেওঁৰ বন্ধুবৰ্গই সহায়ৰ বাবে চিঞৰাত কিছু স্থানীয় লোক আগবাঢ়ি আহে ঘটনাস্থলীলৈ । স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উষসীক চাৰু মাৰ্কেট থানাত গোচৰ ৰুজু কৰিবলৈ কয় । সেই মৰ্মে থানাত উপস্থিত হয় উষসী । কিন্তু থানাৰ উপ-আৰক্ষী অধিক্ষক ঘটনাটো ভৱানীপুৰ থানাৰ অন্তৰ্গত হ'ব বুলি মন্তব্য কৰে । উপ-আৰক্ষী অধীক্ষৰ কথা শুনাৰ পাচতেই অভিনেত্ৰীগৰাকী ক্ষোভিত হৈ পৰে । অৱশেষত নিশা ১বাজি ৩০ মিনিটত চাৰু মাৰ্কেট থানাত উষসীৰ ৰুজু হয় গোচৰ । কিন্তু তেখেতৰ উবাৰচালকৰ গোচৰ ৰুজু নকৰিলে থানা কৰ্তৃপক্ষই । ইতিমধ্যেই চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শ্বেখ ৰোহিত, ফাৰদিন খান, শ্বেখ চাবিৰ আলি, শ্বেখ গণি, শ্বেখ ইমৰাণ আলি, শ্বেখ ৱাছিম, আতিফ খান, মহম্মদ চমছাদ নামৰ ৭জনক ।

Last Updated : Jun 19, 2019, 1:04 PM IST

ABOUT THE AUTHOR

...view details