নিউজ ডেস্ক, 16 মাৰ্চ : পাকিস্তানৰ ভূমিত জন্ম লোৱা সন্ত্ৰাসবাদক নিখোজ কৰিবলৈ সংকল্পবদ্ধ আমেৰিকা যুক্তৰাষ্ট্ৰ৷ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে লগ লাগি সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ পাকিস্তানক হেচা প্ৰয়োগ আমেৰিকাৰ৷
সন্ত্ৰাসবাদ দমন কৰিবলৈ পাকিস্তানলৈ হেচা আমেৰিকা যুক্তৰাষ্ট্ৰৰ - আমেৰিকা যুক্তৰাষ্ট্ৰ
বিনাদ্বিধাই সন্ত্ৰাসবাদক উফৰাই পেলাবলৈও সাজু আমেৰিকা ৷
পুলৱামাত জইছ-ই-মহম্মদৰ কূটাঘাতৰ পাচতেই সন্ত্ৰাসবাদৰ বিৰোধিতাৰে ভাৰতৰ সপক্ষে আগবাঢ়ি আহিছে বিশ্বৰ বিভিন্ন দেশ৷ ভাৰতৰ সমৰ্থনত পাচ হুঁহকি থকা নাই আমেৰিকা যুক্তৰাষ্ট্ৰও৷ ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেৰ আমেৰিকা ভ্ৰমণৰ পাচতে সন্ত্ৰাসবাদ নিৰ্মূলকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ খাতিৰত পাকিস্তানলৈ হেচা প্ৰয়োগ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই৷ সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে খোজত খোজ মিলাই সদায় আগবাঢ়ি আহিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে দেশখনে৷ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে লগ লাগি পাকিস্তানে প্ৰশ্ৰয় দিয়া সন্ত্ৰাসবাদক উফৰাই পেলাবলৈও কুণ্ঠাবোধ নকৰে বুলি সদম্ভে প্ৰকাশ কৰে আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টে৷