অসম

assam

ETV Bharat / bharat

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যক্ৰমণিকা... - সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনত ৰাজ্যসভাৰ উপাধ্যক্ষৰ মনোনয়ন কাৰ্য অনুষ্ঠিত হ'ব ৷ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হৈছে এন ডি এৰ হৰিবংশ নাৰায়ণ সিং আৰু আৰ জে ডিৰ মনোজ ঝা ৷ লগতে, কেন্দ্ৰীয় চৰকাৰে সংসদত বিলৰূপে 4 টা অধ্যাদেশ উত্থাপন কৰিব বুলি ৰাজ্যসভা বুলেটিনত প্ৰকাশ পাইছে ৷

First day of the Monsoon session at Parliament
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিন

By

Published : Sep 14, 2020, 9:13 AM IST

Updated : Sep 14, 2020, 10:01 AM IST

নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ: সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনত ৰাজ্যসভাৰ উপাধ্যক্ষৰ মনোনয়ন অনুষ্ঠিত হ’ব ৷ এই পদৰ বাবে এন ডি এৰ হৰিবংশ নাৰায়ণ সিং আৰু আৰ জে ডিৰ মনোজ ঝাই নিৰ্বাচিত হৈছে ৷

এই নিৰ্বাচনত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডাই হৰিবংশ নাৰায়ণ সিঙৰ ফালৰ পৰা সমৰ্থন আগবঢ়াব আৰু বিৰোধী নেতা গুলাম নবী আজাদে সিঙৰ বিপক্ষে প্ৰস্তাৱ আগবঢ়াব বুলি সূত্ৰই জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, সংসদৰ উচ্চ সদনে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷

ৰাজ্যসভা বুলেটিনত উল্লেখিত অনুসৰি, অধিৱেশনৰ প্ৰথমটো দিনত কেন্দ্ৰীয় চৰকাৰে বিধেয়কৰূপে 4 টা অধ্যাদেশ সংসদত উত্থাপন কৰিব ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে Epidemic Diseases (Amendment) Ordinance, 2020ৰ অধীনত জাৰি কৰা নীতি-নিৰ্দেশনা সন্দৰ্ভত মত ব্যাখ্যা কৰিব ৷ আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে Salaries and Allowances of Ministers (Amendment) Ordinance, 2020ৰ অধীনত জাৰি কৰা বেতন আৰু ভাট্টা সন্দৰ্ভত মত ব্যাখ্যা কৰিব ৷

ইয়াৰোপৰি, আয়ুষ মন্ত্ৰী শ্ৰীপদ য়েচ্ছো নাইকে Homoeopathy Central Council (Amendment) Ordinance, 2020 আৰু Indian Medicine Central Council (Amendment) Ordinance, 2020ৰ অধীনত জাৰি কৰা তাৎক্ষণিক দৰৱ আৰু পৰিস্থিতি সন্দৰ্ভত নিজ মতামত ব্যাখ্যা কৰিব ৷ সংসদীয় কাৰ্যবাহী মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰশ্নকালীন ঘণ্টাৰ কাৰ্যক্ৰমণিকা আগবঢ়াব ৷

ইতিমধ্য়ে বিৰোধী দলসমূহে চৰকাৰে জাৰি কৰা অধিৱেশন সংক্ৰান্তীয় কিছু নিৰ্দেশনা আৰু শূন্যকালীন ঘণ্টাৰ সময়সীমা কম কৰাক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ক’ভিড-19 ৰ বাবে বিশেষ পদক্ষেপ

Last Updated : Sep 14, 2020, 10:01 AM IST

ABOUT THE AUTHOR

...view details