অসম

assam

কোভিড-19 ৰোগীৰ পৰিয়ালে জ্বলালে এম্বুলেন্স

By

Published : Jul 23, 2020, 9:14 AM IST

বেলাগাভিৰ বি আই এম এছ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু ঘটে কোভিড-19ত আক্ৰান্ত এগৰাকী ৰোগীৰ ৷ তাৰ পাচতে ৰোগীৰ পৰিয়ালৰ লোকে জ্বলাই দিয়ে এম্বুলেঞ্চখন ৷

Fire to Ambulance
Fire to Ambulance

নিউজ ডেস্ক, 23 জুলাই : ৰাজপথত দাউ দাউকৈ জ্বলিছে এখন এম্বুলেন্স ৷ কোনো যান্ত্ৰিক বিজুতিৰ বাবে নহয়, এম্বুলেন্স খন জ্বলাই দিছে একাংশ লোকে ৷ ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকৰ বেলাগাম অঞ্চলত ৷ বেলাগাভিৰ বি আই এম এছ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু ঘটে কোভিড-19ত আক্ৰান্ত এগৰাকী ৰোগীৰ ৷ তাৰ পাচতে ৰোগীৰ পৰিয়ালৰ লোকে জ্বলাই দিয়ে এম্বুলেন্সখন ৷

ক’ভিড-19 ৰোগীৰ পৰিয়ালে জ্বলালে এম্বুলেঞ্চ

উল্লেখ্য যে, যোৱা 19 জুলাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰোগী গৰাকীক ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে ৰোগী গৰাকীৰ মৃত্যু হোৱাত খৰ্গহস্ত হৈ পৰিয়ালৰ লোক ৷ উত্তেজিত লোকে চিকিৎসালয়খনৰ সন্মুখতে এখন এম্বুলেঞ্চত অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষী আৰু অন্যান্য ব্যক্তিগত বাহনলৈ শিলগুটি নিক্ষেপ কৰে ৷ চিকিৎসালয় কৰ্তৃপক্ষকো দুৰ্ব্যৱহাৰ কৰে লোক সকলে ৷ অৱশেষত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সেই স্থানত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷

লগতে পঢ়ক :৪৫ হেজাৰ টকাত দৰিদ্ৰ পিতৃয়ে বেচিলে নিজৰ 4মহীয়া সন্তান

ABOUT THE AUTHOR

...view details