অসম

assam

By

Published : Aug 9, 2020, 8:07 AM IST

Updated : Aug 9, 2020, 8:26 AM IST

ETV Bharat / bharat

কোজিকোডে বিমান দুৰ্ঘটনাৰ তদন্তৰ তথ্য ৰাজহুৱা কৰা হ'ব : হৰদ্বীপ সিং

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, কেৰালাৰ কোজিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ পৰা লাভ কৰা তথ্য ৰাজহুৱা কৰা হ'ব ৷ ডুবাইৰ পৰা আহি কোজিকোডেত উপস্থিত হ'বলগা বিমানখন ৰাণৱে'ৰ পৰা পিছলি পৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে শনিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

হৰদ্বীপ সিং পুৰী
কোজিকোডে বিমান দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 9 আগষ্ট : কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, কেৰালাৰ কোজিকোডেত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ পৰা লাভ কৰা তথ্য ৰাজহুৱা কৰা হ'ব ৷ ডুবাইৰ পৰা আহি কোজিকোডেত উপস্থিত হ'বলগা বিমানখন ৰাণৱে'ৰ পৰা পিছলি পৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে শনিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

কোজিকোডে বিমান দুৰ্ঘটনা

পুৰীয়ে কয়, "কোজিকোডে দুৰ্ঘটনা সম্পৰ্কত এয়াৰক্ৰাফ্ট আইনৰ অধীনত তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৷ IX-1344 বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে ৷ তদন্তৰ সকলো তথ্য ৰাজহুৱা কৰা হ'ব ৷"

কোজিকোডে বিমান দুৰ্ঘটনা

উল্লেখ্য যে, যোৱা বছৰৰ 11 জুলাইতে অসামৰিক বিমান পৰিবহণৰ মহা নিৰ্দেশকে কোজিকোডে বিমানবন্দৰৰ নিৰ্দেশকলৈ বিভিন্ন সুৰক্ষা সম্বন্ধীয় সুৰুঙা থকাৰ বাবে শ্ব'কজ জাৰি কৰিছিল ৷

কোজিকোডে বিমান দুৰ্ঘটনা

প্ৰায় 19 জন লোকৰ প্ৰাণহানি হোৱা এই ঘটনাৰ এটা দিন পাচতে টুইটাৰৰ জৰিয়তে পুৰীয়ে এই কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, শনিবাৰে বিয়লি ভাগত পুৰী উপস্থিত হয় কোজিকোডেত ৷

এই ঘটনাৰ ফলত উদ্ভৱ হ'বপৰা পৰিস্থিতি সম্পৰ্কত অসামৰিক বিমান পৰিবহণৰ সচিব পি. এছ. খৰোলা, AAI ৰ অধ্যক্ষ অৰবিন্দ সিং আৰু DGCA ৰ মুৰব্বী অৰুণ কুমাৰৰ সৈতে বাৰ্তালাপ কৰে পুৰীয়ে ৷

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া ভাগত কেৰালাৰ কোজিকোডেত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ফলত 19 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হ'ল বহু কেইগৰাকী ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান ৰানৱে'ৰ পৰা পিছলি 50 ফুট দ' উপত্যকাত পৰি যোৱা ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

যোৱা সন্ধিয়া প্ৰায় 7.40 বজাত ডুবাই-কালিকট এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছখনে 190 গৰাকী যাত্ৰী আৰু ষ্টাফ সদস্য কঢ়িয়াই আনিছিল ৷ উক্ত দুৰ্ঘটনাত বিমানখনত থকা দুগৰাকী পাইলট সহ 19 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত পাইলট দুগৰাকী হৈছে পাইলট কেপ্তেইন ডি. ভি. সাথে আৰু সহ-পাইলট অখিলেশ কুমাৰ ৷

কেৰালাৰ প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি, 190 গৰাকীৰ 128 জন পুৰুষ, 46 গৰাকী মহিলা, 10 টি শিশু আৰু ছয়জন ষ্টাফ সদস্য আছিল ৷ আনহাতে, টিকেট বুক কৰা অন্য 5 জন লোকে ভ্ৰমণ নকৰিলে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ৷

মৃত পাইলটগৰাকীয়ে চূড়ান্তবাৰৰ বাবে কোজিকোডেৰ ৰানৱে'ত অৱতৰণ কৰাৰ পূৰ্বেও দুবাৰকৈ অৱতৰণ কৰাৰ চেষ্টা কৰিছিল যদিও বিফল হয় ৷ লাভ কৰা তথ্য অনুসৰি, সন্মুখৰ আসনত বহি থকা যাত্ৰীসকল গুৰুতৰভাৱে আহত হৈছে ৷ মাল্লাপুৰম জিলা কালেক্টৰ কে. গোপালাকৃষ্ণনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি, উদ্ধাৰ অভিযান ডেৰ ঘন্টাৰ ভিতৰত অন্ত পৰে আৰু 110 জন লোকক কোজিকোডে হাস্পতালত আৰু 80 জন লোকক মাল্লাপুৰম হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে, বিমানখনৰ অন্তিম অংশত আৱদ্ধ হৈ পৰা দুজন লোকক বহু কষ্টেৰে উদ্ধাৰ কৰা হৈছে ৷

100 ৰো অধিক এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু ব্যক্তিগত বাহনে উদ্ধাৰ অভিযানত অংশ লয় ৷ চৰকাৰী বিভাগ যেনে, এনডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়েও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় ৷

মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মৃত লোকসকলৰ পৰিয়াললৈ অন্তৱৰ্তীকালিন সাহাৰ্য হিচাপে 10 লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ আনহাতে, সামান্যভাৱে আঘাতপ্ৰাপ্তসকলে লাভ কৰিব 50,000 কৈ সাহাৰ্য ৷

লগতে পঢ়়ক :জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

Last Updated : Aug 9, 2020, 8:26 AM IST

ABOUT THE AUTHOR

...view details