অসম

assam

ETV Bharat / bharat

স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ - দ্বিতীয় প্ৰজন্মৰ মিলান 2T

ভাৰতীয় স্থলসেনাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে নাগ ক্ষেপনাস্ত্ৰ ৷ নামিকাৰ পৰা প্ৰক্ষেপণ কৰা ক্ষেপনাস্ত্ৰটোৰ চূড়ান্ত পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিচত ইয়াক স্থলসেনাত সংযোজনৰ সকলো পথ মুকলি হৈ পৰে ৷ আনহাতে নাগৰ সংযোজনৰ পিচত ভাৰতীয় স্থলসেনাৰ বাবে ইজৰাইল আৰু আমেৰিকাৰ পৰা ক্ৰয় কৰিবলগীয়া 4ৰ পৰা 7 কিলোমিটাৰ দুৰত্বভেদী এন্টি টেংক গাইডেড মিছাইলৰ প্ৰয়োজনো ঘৰুৱাভাৱে পুৰাবলৈ সফল হ'ব প্ৰতিৰক্ষা বিভাগ ৷

স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ
স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

By

Published : Oct 22, 2020, 12:58 PM IST

নিউজ ডেস্ক, 22 অক্টোবৰ : প্ৰতিৰক্ষা খণ্ডত স্বদেশী প্ৰযুক্তিৰ যথেষ্ট মহত্ব আছে আৰু ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই বিগত কিছুদিনত ভাৰতীয় প্ৰতিৰক্ষা খণ্ডত যথেষ্ট সফলতা লাভ কৰিছে ৷ শেহতীয়াকৈ সংস্থাই ভাৰতীয় স্থলসেনাৰ বাবে নিৰ্মিত নাগ এন্টি টেংক গাইডেড মিছাইলৰ চূড়ান্ত পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :বিজয়া দশমীত চিকিমত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী

পোখৰানস্থিত সংস্থাৰ পৰীক্ষণস্থলীৰ পৰা বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত ৱাৰহেডৰ সৈতে এইটো ক্ষেপনাস্ত্ৰৰ পৰীক্ষণ সফলতাৰে সমাপ্ত কৰে সংস্থাই ৷ নামিকা প্ৰণালীৰ পৰা প্ৰক্ষেপণ কৰা ক্ষেপনাস্ত্ৰটোৱে নিৰ্দিষ্ট দুৰত্বত সংস্থাপন কৰা লক্ষ্যত নিৰ্ভূল আঘাত হানিবলৈ সক্ষম হয় ৷ ভাৰতীয় স্থলসেনাই ইজৰাইল আৰু আমেৰিকাৰ পৰা ক্ৰয় কৰিবলগা এন্টি টেংক গাইডেড মিছাইলৰ অভাৱ এতিয়া নাগ ক্ষেপনাস্ত্ৰই ঘৰুৱাভাৱেই পূৰণ কৰিবলৈ সক্ষম হ'ব ৷ আনহাতে নাগ ক্ষেপনাস্ত্ৰৰ লক্ষ্য দুৰত্ব 4ৰ পৰা 7 কিলোমিটাৰলৈ নিৰ্দিষ্ট কৰা হৈছে বুলি সংস্থাই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :ভাৰত-চীন সীমান্তত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আইটিবিপি

স্থলসেনাত সংযোজন কৰিবলৈ সাজু হোৱা নাগ ক্ষেপনাস্ত্ৰৰ পূৰ্বে ভাৰতীয় স্থলসেনাই 2.5 কিলোমিটাৰ দুৰত্বভেদী এন্টি টেংক গাইডেড মিছাইল ব্যৱহাৰ কৰি আহিছিল ৷ ৰাছিয়াত নিৰ্মিত বিএমপি বাহনৰ দ্বাৰা ইয়াক স্থলসেনাৰ মেকানাইজড ৰেজিমেন্টে বৰ্ষণ কৰে ৷ স্থলসেনাই শেহতীয়াকৈ দ্বিতীয় প্ৰজন্মৰ মিলান 2T আৰু কনকুৰ এটিজিএম ব্যৱহাৰ কৰি আহিছিল ৷ 2018ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্থলসেনাৰ বাবে 300 নাগ আৰু 25 নামিকা প্ৰণালীৰ সংযোজনত অনুমতি প্ৰদান কৰিছিল ৷

লগতে পঢ়ক :প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

ABOUT THE AUTHOR

...view details