অসম

assam

ETV Bharat / bharat

হস্তীৰ মাংসৰে ভোজ : তদন্তৰ দাবী ৰিপুন বৰাৰ - কঠোৰ শাস্তিৰ দাবী

হাতীৰ মাংসৰে ভোজৰ দিহা কৰাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ-পূৰ্বাঞ্চলত ৷ কিছুদিন পূৰ্বে চ'ছিয়েল মিডিয়াৰ জৰিয়তে এই ঘটনাৰ ছবি ভাইৰেল হৈছিল ৷

হস্তীৰ মাংসৰে ভোজ

By

Published : Jul 20, 2019, 8:20 PM IST

নিউজ ডেস্ক, 20 জুলাই : নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে দেশত গো-হত্যাৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলত বন্যপ্ৰাণী হত্যাৰ এক ভয়ংকৰ বাতৰিয়ে দেশ জোকাৰি গৈছে ৷ কিছুদিন পূৰ্বে নাগালেণ্ডৰ জুনহেবট' জিলা আৰু মিজোৰামৰ কানমুন বনাঞ্চলত হাতীৰ মাংস খাবৰ বাবে চাল চিকুণাবলৈ চেষ্টা কৰা ভয়ংকৰ ফ'টো চ'ছিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷

ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে অসমৰ কংগ্ৰেছ নেতা ৰিপুণ বৰা ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰাই কয় যে, হাতীৰ মাংসৰে ভোজ - ভাত খোৱাটো গুৰুতৰ বিষয় ৷ চৰকাৰে এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা উচিত ৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এনে নিষ্ঠুৰ ঘটনাৰ বিৰুদ্ধে জাননী জাৰি কৰিছে বুলি উল্লেখ কৰি ৰিপুণ বৰাই মন্তব্য কৰে যে, ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা উচিত ৷

হস্তীৰ মাংসৰে ভোজ : তদন্তৰ দাবী

উল্লেখ্য যে, এই ঘটনাৰ পাছতে উদ্বিগ্নতা প্ৰকাশ কৰিছে বন্যপ্ৰেমী আৰু পৰিৱেশকৰ্মী সকলে ৷ ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ে এই ঘটনাৰ ওপৰত দৃষ্টি ৰখাৰ লগতে মিজোৰাম আৰু নাগালেণ্ড চৰকাৰক এই সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷

ABOUT THE AUTHOR

...view details