অসম

assam

ETV Bharat / bharat

কেব সন্দৰ্ভত আছুৰ প্ৰতিবাদ চৰকাৰৰ বাবে মূল প্ৰত্যাহ্বানঃ হান্নান মুল্লা - Facing AASU's protest could be an acid test for Govt: Says Hannan Mollah over CAB

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মত ব্যক্ত কৰে প্ৰবীণ চিপিএম নেতা হান্নান মুল্লাই ৷

Facing AASU's protest could be an acid test for Govt: Says Hannan Mollah over CAB
কেব সন্দৰ্ভত আছুৰ প্ৰতিবাদ চৰকাৰৰ বাবে মূল প্ৰত্যাহ্বানঃ হান্নান মুল্লা

By

Published : Dec 7, 2019, 11:07 PM IST

নতুন দিল্লী,7 ডিচেম্বৰঃ চলিত শীতকালীন অধিৱেশনত 10 ডিচেম্বৰত লোকসভাত উত্থাপিত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা বিধেয়কখনত সংশোধিত ৰূপত নতুনকৈ উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷ এইবাৰ উত্থাপিত হ'বলগীয়া কেবত অসম, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহক ৰেহাই দিয়াৰ উপৰিও ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য হৈ থকা ৰাজ্যসমূহত কেব বলবৎ নহয় ৷


এই সন্দৰ্ভত প্ৰবীণ চিপিএম নেতা হান্নান মুল্লাৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰে ইটিভি ভাৰতে ৷ বিধেয়কখন সন্দৰ্ভত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় নেতাগৰাকীয়ে ৷ কেবক এক অসাংবিধানিক বিল আখ্যা দি তেওঁ কয়, "এই বিলখনে নাগৰিকত্বৰ ধাৰণা সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ ভাৰতত কোনো ব্যক্তিকেই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰি ৷" আনহাতে শ্ৰীলংকা, নেপাল আৰু ম্যানমাৰতো বহুলোক ধৰ্মীয় উৎপীড়ন আৰু ভাষিক বৈষম্যৰ বলি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে, পিছে এইসকল লোকৰ ক্ষেত্ৰত বিধেয়কখনত কোনো ব্যৱস্থা নাই ৷ ইফালে এক দেশ, এক সংবিধান, এক আইনৰ কথা কোৱা বিজেপিয়ে কেবৰ বাবে উত্তৰ-পূৱত পৃথক নিয়মৰ অৱতাৰণা কৰা বুলি কটাক্ষ কৰে ৷

কেব সন্দৰ্ভত আছুৰ প্ৰতিবাদ চৰকাৰৰ বাবে মূল প্ৰত্যাহ্বানঃ হান্নান মুল্লা


কেব আন্দোলনৰ প্ৰসাৰ আৰু প্ৰাবল্যৰ কথা উনুকীয়াই নেতাগৰাকীয়ে কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ বিৰোধী অৱস্থানে চৰকাৰৰ প্ৰত্যাহ্বান বৃদ্ধি কৰিব ৷

আৰু পঢ়কফাঁচিকাঠত ওলমিল নৰেন্দ্ৰ মোডীকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতা!

For All Latest Updates

ABOUT THE AUTHOR

...view details