অসম

assam

ফেচবুকৰ দ্বাৰা দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

By

Published : Sep 23, 2020, 5:32 PM IST

ফেচবুকৰ দ্বাৰা দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰিব শুনানি প্ৰদান ৷

facebook-india-vp-approaches-sc-against-delhi-assembly-panels-notice-hearing-today
ফেচবুকৰ দ্বাৰা দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ:উচ্চতম ন্যায়ালয়ে বুধবাৰে ফেচবুকৰ দ্বাৰা দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি প্ৰদান কৰিব ৷ এইয়া ফেচবুকৰ ভাৰতৰ উপ-সভাপতি আৰু পৰিচালন সঞ্চালক অজিত মহন আৰু অন্য সকলক দিল্লী বিধানসভাৰ দ্বাৰা 23 ছেপ্টেম্বৰৰ পূৰ্বে জমা কৰিবলৈ জাৰি কৰা জাননীৰ বিৰুদ্ধে শুনানি প্ৰদান কৰা হ'ব ৷

দিল্লী বিধানসভা শান্তি আৰু সৎভাৱ সমিতিৰ দ্বাৰা ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত হিংসাত্মক কাৰ্যত কথিত ভূমিকাৰ বাবে হাজিৰ হবলৈ জাৰি কৰা জাননীৰ বিৰুদ্ধে ফেচবুক, মোহন আৰু অন্যান্য সকলে শীৰ্ষ আদালতত আবেদন দাখিল কৰিছিল ৷

আবেদন কাৰী সকলে শীৰ্ষ আদালতত বিধানসভা, এন চি টি আৰু অন্যান্যৰ দ্বাৰা জাৰি কৰা দুখন চমনক প্ৰত্যাহ্বান জনাইছিল ৷ আবেদনত দাবী কৰা হৈছে যে, অনুচ্ছেদ 19(A) আৰু অনুচ্ছেদ 21 ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ৷ আবেদন কাৰী সকলে শীৰ্ষ আদালতৰ ওচৰত দিল্লী বিধানসভা, দিল্লীৰ এন চি টি আৰু অন্যান্য সকলৰ দ্বাৰা জাৰি কৰা এই দুই চমনক স্থগিত কৰিবলৈ যোগাযোগ কৰিছিল ৷

লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন

ABOUT THE AUTHOR

...view details