নতুন দিল্লী, 22 নৱেম্বৰ :2024 ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি 120 দিনীয়া ৰাষ্ট্ৰ ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ পূৰ্বৰ সাধাৰণ নিৰ্বাচনত দলটোৱে দুৰ্বল প্ৰদৰ্শন কৰা অঞ্চলসমূহত গেৰুৱা দলটোৰ ভেটি সুদৃঢ় কৰাৰ লগতে খেলি মেলি হৈ থকা দলৰ সাংগঠনিক প্ৰক্ৰিয়াক থান-থিত লগোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এই ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নাড্ডাই উত্তৰাখণ্ডৰ পৰা যাত্ৰা আৰম্ভ কৰিব ৷ ডিচেম্বৰ 5 তাৰিখৰ পৰা নাড্ডাই তেওঁৰ যাত্ৰা আৰম্ভ কৰাৰ সম্ভৱনা আছে বুলিও তেওঁ উল্লেখ কৰে ৷ সিঙে কয় যে প্ৰত্যেকখন ৰাজ্যৰ তেওঁ ভ্ৰমণ কৰিব আৰু বুথ ইউনিট আৰু দলৰ ক্ষুদ্ৰতম সাংগঠনিক গোট তথা সাংসদ, বিধায়ক, শীৰ্ষ নেতা সকলৰ লগতে সকলোৰে সৈতে ভাৰ্চুৱেল মিটিঙত সভাপতি গৰাকী মিলিত হ'ব ৷