নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ :জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত সোমবাৰে পুনৰ উদ্ধাৰ হয় এটা শক্তিশালী বিস্ফোৰক সামগ্ৰী ৷ সেনা তথা নিৰাপত্তা বাহিনীলৈ বুলি সংস্থাপন কৰা বিস্ফোৰকটো সেনাৰ ৰোড অপেনিং পাৰ্টীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ শ্ৰীনগৰ বাৰামুলা ৰাষ্ট্ৰীয় ঘাইপথৰ পট্টন এলেকাত স্থাপন কৰা হৈছিল বিস্ফোৰকটো ৷
জম্মু-কাশ্মীৰৰ বাৰামুলাত বিস্ফোৰক উদ্ধাৰ,সুৰক্ষা বাহিনীৰ সহযোগত নিষ্ক্ৰিয় - জম্মু-কাশ্মীৰৰ বাৰামুলাত
বাৰামুলা জিলাৰ পাট্টান অঞ্চলত স্থাপন কৰা হৈছিল বিস্ফোৰকটো ৷ নিৰাপত্তা বাহিনীয়ে ইয়াক সুকলমে উদ্ধাৰ কৰাৰ লগতে সুৰক্ষিত স্থানত বিস্ফোৰণ ঘটাই নিষ্ক্ৰিয় কৰে ৷
জম্মু-কাশ্মীৰৰ বাৰামুলাত বিস্ফোৰক উদ্ধাৰ, সুৰক্ষা বাহিনীৰ সহযোগত নিষ্ক্ৰিয়
স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, পৰৱৰ্তী সময়ত সুৰক্ষিত স্থানত বিস্ফোৰকটো নিষ্ক্ৰিয় কৰা হয় ৷
লগতে পঢ়ক :চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !