অসম

assam

By

Published : Mar 19, 2020, 5:26 PM IST

ETV Bharat / bharat

সাংসদ হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে 16 মাৰ্চ তাৰিখে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰিছিল ৰঞ্জন গগৈক ৷

ৰঞ্জন গগৈ
সাংসদ হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

নতুন দিল্লী, 19 মাৰ্চ: বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ সংসদ ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰঞ্জন গগৈৰ সৈতে উপস্থিত থাকে তেখেতৰ পত্নী ৰূপাঞ্জলী গগৈ, কন্যা আৰু জোৱাই ৷

সাংসদ হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও ৰঞ্জন গগৈক ৰাজ্যসভালৈ স্বাগতম জনায় ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে 16 মাৰ্চ তাৰিখে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰিছিল ৷ গগৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ 46 তম মুখ্য ন্যায়াধীশ হিচাপে 2018 বৰ্ষৰ 3 অক্টোৱৰ তাৰিখৰ পৰা 2019 বৰ্ষৰ 17 নৱেম্বৰ তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰিছিল ৷ 2019 বৰ্ষৰ 9 নৱেম্বৰ তাৰিখে ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ঐতিহাসিক বাবৰি মছজিদৰ ৰায়দান কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰায়দান দিয়ে ৷

আৰু পঢ়কঃ ব্ৰইলাৰ কমিল, বাঢ়িল লোকেলৰ দাম

ABOUT THE AUTHOR

...view details