দেশৰ সুৰক্ষাৰ বাবে প্ৰাক্তন সেনা বিষয়াই দিলে কোটি টকা
দেশৰ সুৰক্ষাৰ বাবে দান কোটি টকা ৷ কথাতে কোৱা হয় জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী এই কথাকে প্ৰমাণ কৰিলে বায়ুসেনাৰ এগৰাকী প্ৰাক্তন বিষয়াই ৷
নিউজ ডেস্ক, 16 জুলাই: স্বদেশ প্ৰেমৰ অতুলনীয় নিদৰ্শন ৷ দেশৰ সুৰক্ষাৰ বাবে দান কোটি টকা ৷ কথাতে কোৱা হয় জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী এই কথাকে প্ৰমাণ কৰিলে বায়ুসেনাৰ এগৰাকী প্ৰাক্তন বিষয়াই ৷ হায়দৰাবাদৰ নিবাসী চিবিআৰ প্ৰসাদ নামৰ প্ৰাক্তন বায়ুসেনা বিষয়া গৰাকীয়ে দেশৰ সুৰক্ষাৰ বাবে সোমবাৰে দান কৰে এক কোটি চাৰি লাখ টকা ৷ সোমবাৰে নতুন দিল্লীস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ নিজৰ উপাৰ্জনৰ পৰা এইখিনি ধন দেশৰ সুৰক্ষাৰ বাবে দান দিয়ে লোকজনে ৷ বায়ুসেনাৰ প্ৰাক্তন বিষয়াগৰাকীৰ দেশ প্ৰেম হয়টো ধনত সীমাবদ্ধ কিন্তু তেঁওৰ হৃদয় থকা স্বদেশ প্ৰেম টকাতকৈ বহুগুণে ওপৰত ৷